বেয়া খবৰ, পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙাৰ এলিফেন্ট ছাফাৰী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ বাবে চলি থকা অতি আকৰ্ষণীয় এলিফেন্ট ছাফাৰী মঙলবাৰৰে পৰা বন্ধ হ’ব বুলি উদ্যান কৰ্ত্তৃপক্ষই এক জাননীৰ দ্বাৰা জানিবলৈ দিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত বন বিভাগৰ পোহনীয়া হাতী আৰু বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰ দ্বাৰা চলি থকা এলিফেন্ট ছাফাৰী পৰবৰ্তী জাননী নিদিয়া পৰ্যন্ত এক মে’ৰ পৰা বন্ধ কৰা হ’ব।
গৰমৰ প্ৰকোপ বৃদ্ধি পোৱা তথা বাৰিষা অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ কামত বন বিভাগৰ হাতীকেইটা ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে। উল্লেখ্য যে, গৰম বাঢ়ি অহাত হাতীৰ পিঠিত গাদী বান্ধি দেশ বিদেশৰ পৰ্যটকক ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাৰ ক্ষেত্ৰত হাতীবোৰে বিভিন্ন সমস্যাৰ সন্মূখীন হয়। গৰমৰ সময়ত হাতীৰ পিঠিত উঠাই পৰ্যটকক উদ্যান ভ্ৰমণ কৰাওতে দুৰ্ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা থাকে।
এনেবোৰ কথা চিন্তা কৰি মঙলবাৰে উদ্যান কৰ্তৃপক্ষই পশু চিকিৎসক, বন বিষয়া আদিৰ সৈতে আলোচনা কৰি পহিলা মে’ৰ পৰা কাজিৰঙাত এলিফেন্ট ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত লয় বুলি বিভাগীয় সূত্ৰে প্ৰকাশ কৰে। অন্যহাতে ৰাষ্ট্ৰীয় উদ্যাখনৰ কহঁৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলত পৰ্যটকে ভ্ৰমণ কৰা উদ্যানৰ ভিতৰৰ বাট-পথবোৰ গাড়ী চলিব পৰা অৱস্থা থকা লৈকে পৰ্যটকৰ সুবিধা হোৱাকৈ জীপ ছাফাৰী অব্যাহত থাকিব বুলি উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে।
উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকে দৰ্শন কৰাৰ বাবে পূৰ্বে ছমাহ অৰ্থাৎ পহিলা নবেম্বৰৰ পৰা ৩০ এপ্ৰিল পৰ্যন্ত মুকলি ৰখা হৈছিল যদিও সৰ্বানন্দ সোণোৱাল চৰকাৰ অহাৰ পিছত স্থানীয় ৰাইজ আৰু পৰ্যটকৰ সুবিধাৰ্থে ছমাহৰ ঠাইত আঠ মাহ অৰ্থাৎ পহিলা অক্টোবৰৰ পৰা ৩১ মে পৰ্যন্ত বৃদ্ধি কৰিছিল। আনহাতে, সেইমতে আগন্তুক এটা মাহ কাজিৰঙা হাবিৰ অন্তৰ্ভাগলৈ পৰ্যটকে প্ৰৱেশ কৰিব পাৰিব যদিও বৰষুণৰ বাবে বাট-পথ বেয়া হ’লে উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হ’ব।
The post বেয়া খবৰ, পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙাৰ এলিফেন্ট ছাফাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2vsFAG2
via IFTTT
Comments
Post a Comment