পুনৰ ট্ৰেকলৈ দৌৰৰাণী হিমা…

ডিজিটেল ডেস্কঃ সময়ৰ সৈতে দৌৰা অসমকন্যা হিমা দাস পুনৰ উভতিছে ট্ৰেকলৈ। পিঠিৰ বিষৰ বাবে বিগত ডোহাৰ এছিয়ান এথেলেটিকছত ভাগ ল’ব নোৱাৰা দৌৰৰাণী সুস্থ হৈ উঠিছে। অহা ১১ মে’ৰ পৰা জাপানৰ য়’ক’হামাত অনুষ্ঠিত হ’বলগীয়া ৰীলেত অংশ হ’ব হিমাই। প্ৰাপ্ত খবৰ অনুসৰি, মহিলাৰ বিশ্ব ৰীলেৰ ৪ ×৪০০ মিটাৰ ৰীলেত অংশ ল’ব হিমা দাসে। উল্লেখ্য যে, পিঠিৰ বিষৰ বাবে ডোহাৰ প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰা হিমাই অচিৰেই ট্ৰেকলৈ উভতিব বুলি অনুৰাগী সকলক এক বাৰ্তায়ো দিছিল।

The post পুনৰ ট্ৰেকলৈ দৌৰৰাণী হিমা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2vrZSzy
via IFTTT

Comments