জম্মু-কাশ্মীৰৰ সংঘটিত হোৱা কাৰ বিস্ফোৰণত জড়িত আছিল পি. এইচ. ডিৰ ছাত্ৰ…

ডিজিটেল ডেস্কঃ যোৱা ৩০ মাৰ্চত জম্মু-কাশ্মীৰৰ বনিহালত সংঘটিত হোৱা কাৰ বিস্ফোৰণত জড়িত ৬ জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ৬ জন লোক ভিতৰৰে এজন অতি উচ্চ শিক্ষিত শিক্ষাৰ্থী। পঞ্জাৱত অধ্যয়ণ কৰা পি. এইচ. ডিৰ ছাত্ৰ হিলাল মহম্মদ মন্টু নামৰ এজন উচ্চ শিক্ষিত যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সন্দেহ কৰা হৈছে যে, বহুদিনৰে পৰা সন্ত্ৰাসবাদৰ কাৰ্যকলাপত জড়িত আছিল।
আনহাতে জম্মুৰ আই জি পি এম কে সিনহাই সংবাদমাধ্যমক জানিবলৈ দিয়ে যে, যোৱা ৩০ মাৰ্চৰ বিস্ফোৰণটোত এই ৬ জন লোকেই জড়িত আছিল। উল্লেখ্য যে, ৩০ মাৰ্চত হোৱা এই কাৰ বিস্ফোৰণৰ ফলত বি এছ এফৰ কনভয় কঢ়িওৱা এখন বাহনো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ পাছৰে পৰাই বিষয়টো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বৰ্তমান ৬ অভিযুক্তকে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
The post জম্মু-কাশ্মীৰৰ সংঘটিত হোৱা কাৰ বিস্ফোৰণত জড়িত আছিল পি. এইচ. ডিৰ ছাত্ৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Dz5E6X
via IFTTT
Comments
Post a Comment