অসম ক্ৰিকেট সন্থাৰ ৬২ কোটি টকীয়া কেলেংকাৰিৰ সন্দৰ্ভত মুখ খুলিলে প্ৰদীপ বুঢ়াগোহাঁয়ে


গণ বাৰ্তা, নাহৰকটীয়া : ৰাজ্যৰ ক্ৰিকেট সন্থাৰ ৬২ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত মুখ খুলিছে সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে। উল্লেখ্য যে প্ৰদীপ বুঢ়াগোহাঁই অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়ছোৱাত সন্থালৈ আবন্টিত ৬২ কোটি টকাৰ ক’ত কেনেকৈ ব্যৱহাৰ হৈছিল সেই সম্পৰ্কত অনুসন্ধান কৰিবলৈ নতুন সমিতিয়ে এখন অনুসন্ধান সমিতি গঠন কৰি দিছে । সেই সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে কয় যে তেওঁৰ কাৰ্যকালৰ সকলো হিচাপ-নিকাচ সাধাৰণ সভাত উপস্থাপন কৰাৰ পূৰ্বে বিভাগীয় হিচাপ পৰীক্ষকৰ হতুৱাই সমাধা কৰাৰ পাছতহে দাখিল কৰা হৈছিল। এতেকে প্ৰাক্তন সম্পাদকগৰাকীয়ে বিত্তীয় অনিয়ম কৰিছে বুলি সন্দেহ প্ৰকাশ কৰাটো বাতুলামি । তেওঁ স্পষ্ট কৰি দিয়ে– অনুসন্ধান কমিটীয়ে যেতিয়াই বিচাৰে তেওঁৰ ভাষ্য গ্ৰহণ কৰিব পাৰে আৰু সেয়া পতিয়ন নগ’লে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উল্লেখ্য যে ক্ৰিকেট সন্থাত কোনো সম্পাদকে নগদ ধন খৰচ কৰাৰ নিয়ম নাই আৰু যদি বেংকৰ জৰিয়তে পেমেন্ট কৰা হয় তাৰ প্ৰাপকসকলক নিৰ্দিষ্ট বিলৰ জৰিয়তে বিভাগীয় পৰীক্ষা সম্পন্ন কৰাৰ পাছতহে আদায় দিয়া হয়। সমগ্ৰ ঘটনাটোক তেওঁ অনিয়ম বুলি মানি ল’বলৈ অস্বীকাৰ কৰে।

The post অসম ক্ৰিকেট সন্থাৰ ৬২ কোটি টকীয়া কেলেংকাৰিৰ সন্দৰ্ভত মুখ খুলিলে প্ৰদীপ বুঢ়াগোহাঁয়ে appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2ITHjNd
via IFTTT

Comments