তই মোৰ হিটলিষ্টত আছঃ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত বিষয়াক ভাবুকি বিজেপি নেতাৰ, চাওক VIDEO

ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে দেশৰ ৯ ৰাজ্যৰ ৭১ সমষ্টিত মুঠ ভোটদান হ’ল ৫৯.২৫ শতাংশ। ভোটগ্ৰহণৰ মাজতে ঠায়ে ঠায়ে ব্যাপক হিংসাত্মক পৰিস্থিতিৰো উদ্ভৱ হ’ল। পশ্চিমবংগত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ গাড়ী ভাঙিলে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে। আনফালে বিহাৰত সাংবাদিকক আক্ৰমণ কৰিলে জে ডি ইউৰ কৰ্মীয়ে।

Image result for BJP leader Suresh Awasthi threatens Circle Officer in Kanpur after an argument over a polling agent

 

এই সকলোবোৰ ঘটনাৰ মাজতে সোমবাৰে কানপুৰত দেখা গ’ল এজন বিজেপি নেতাৰ গুণ্ডাগিৰি। কানপুৰৰ বিজেপি নেতা সুৰেশ আস্থানাই সোমবাৰে ভোটগ্ৰহণ কেন্দ্ৰত এজন পলিং এজেন্টৰ সৈতে বিৰ্তকত লিপ্ত হয়। বিৰ্তকৰ মাজতে ভোটকেন্দ্ৰটোত কৰ্তব্যৰত অৱস্থাত থকা এজন বিষয়াই পৰিৱেশ বিনষ্ট নকৰিবলৈ অনুৰোধ কৰাত নেতা জনে ধমকি প্ৰদান কৰে বিষয়া জনক। বিজেপি নেতা জনে বিষয়াজনক কয়- মই তোক কাইলৈ চাই ল’ম। তই মোৰ হিটলিষ্টত আছ।’ নেতা গৰাকীয়ে এই ভাবুকি প্ৰদান কৰাৰ সময়ত সেই স্থানত উপস্থিত আছিল মেয়ৰ প্ৰমিলা পাণ্ডে। ভোটগ্ৰহণ কেন্দ্ৰতে কৰ্তব্যৰত বিষয়াক এনে ভাবুকি প্ৰদান কৰা বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰো ৰুজু কৰা হৈছে।

The post তই মোৰ হিটলিষ্টত আছঃ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত বিষয়াক ভাবুকি বিজেপি নেতাৰ, চাওক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UKIikw
via IFTTT

Comments