বাৰানসীত মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন সেনা জোৱানে

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে প্ৰাৰ্থিত্ব প্ৰদান আৰু নিৰ্বাচনী প্ৰচাৰক লৈ তৎপৰ হৈ পৰিছে। তেনে সময়তে উত্তৰ প্ৰদেশৰ বাৰানসী লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সমাজবাদী পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এগৰাকী প্ৰাক্তন বিএছএফ জোৱানক। সেনা বাহিনীৰ পৰা বৰ্খাস্ত হোৱা প্ৰাক্তন সেনা জোৱান তেজ বাহাদুৰ যাদৱক প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ বিভিন্ন জনে সমাজবাদী পাৰ্টীক সমালোচনা কৰিছে যদিও আন বহুতে এই কাৰ্যৰ প্ৰতি মুকলি সমৰ্থনো আগবঢ়াইছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও সমাজবাদী পাৰ্টীৰ এই সিদ্ধান্তক আদৰণি জনায়।
উল্লেখ্য যে, পূৰ্বে বাৰানসী সমষ্টিৰ পৰা নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে এছপি-বিএছপি মিত্ৰজোঁটে শালিনী যাদৱক প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত মিত্ৰদল দুটাই এই সিদ্ধান্ত সলনি কৰি তেজ বাহাদুৰ যাদৱক প্ৰাৰ্থিত্ব প্ৰদান কৰে। তেজ বাহাদুৰক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে অখিলেশ যাদৱক ইয়াৰ বাবে শুভকামনা জনায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক টুইটযোগে লিখিছে- ‘অখিলেশ জী, আপোনাক বহুত শুভকামনা। প্ৰধানমন্ত্ৰীক প্ৰত্যাহ্বান দিবলৈ সাজু হোৱা তেজ বাহাদুৰক চালাম জনাইছো। এফালে ভাৰত মাতৃৰ বাবে জীৱন অৰ্পন কৰিবলৈ সাজু থকা আৰু জোৱানৰ অধিকাৰৰ বাবে যুঁজ দি নিজৰ চাকৰি হেৰুওৱা আৰু আনফালে জোৱানৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা চলাই শ্বহীদ জোৱানৰ মৃতদেহৰ নামত ভোট ভিক্ষা খোজা জনৰ যুদ্ধ।’ উল্লেখ্য যে, অহা ১৯ মে’ত বাৰানসীত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, সমাজবাদী পাৰ্টীয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাক্তন বিএছএফ জোৱান তেজ বাহাদুৰ যাদৱে জম্মু-কাশ্মীৰত সেনা জোৱানক বেয়া খাদ্য প্ৰদানৰ অভিযোগ উত্থাপন কৰিছিল। যাৰ বাবে তেওঁৰ বিৰুদ্ধে তদন্ত চলাই ২০১৮ চনৰ জুলাই মাহত তেওঁক সেনাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। তেওঁ সেনা জোৱানক প্ৰদান কৰা খাদ্যসমূহ বেয়া বুলি অভিযোগ কৰি তাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ পিছতে তেজ বাহাদুৰ যাদৱ চৰ্চালৈ আহিছিল।
The post বাৰানসীত মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন সেনা জোৱানে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DEMJYn
via IFTTT
Comments
Post a Comment