চন্দ্ৰপুৰত গোপনে মোহন ভগৱতৰ বাহৰ, নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী আৰক্ষীৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ চন্দ্ৰপুৰৰ সমীপৱৰ্তী হাজংবৰীত থকা শংকৰদেৱ শিশু নিকেতনৰ চৌহদত বাহৰ পাতি আছে মোহন ভগৱতে। বিদ্যালয়খনৰ চৌহদতে চলি আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নতুন সদস্যৰ এক ১৫ দিনীয়া প্ৰশিক্ষণ শিৱিৰ। এই উপলক্ষ্যতে দেওবাৰে উপস্থিত হৈছেহি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকীয়ে। টিঙৰ চালিৰ তলত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ পাঠদান পৰ্বও ইয়াৰ সমান্তৰালভাৱে চলি আছে।
আনহাতে, বিদ্যালয় চৌহদৰ চোতাল আৰু নৱ নিৰ্মিত ভৱনত ১৫ৰ পৰা ৪০ বছৰ বয়সৰ কেইবাশও স্বয়ংসেৱকে লৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ। অতি গোপনে মোহন ভগৱতে ইয়াত বাহৰ পাতি থাকিলেও তেওঁৰ নিৰাপত্তাক লৈ আৰক্ষী-প্ৰশাসনৰ বিশেষ তৎপৰতাই চন্দ্ৰপুৰ অঞ্চলৰ ৰাইজৰ মাজত সৃষ্টি কৰিছে বিশেষ উৎসুকতাৰ।
সেয়া হ’লেও দিছপুৰ, নুনমাটি, চন্দ্ৰপুৰ আদি থানাৰ পৰা মোতায়েন কৰা কঠোৰ নিৰাপত্তা বেষ্টনী ভেদ কৰি বিজেপি-আৰএছএছৰ বিশেষ বিশেষ নেতা আৰু চৰকাৰৰ নিৰ্বাচিত প্ৰতিনিধিৰ বাহিৰে সংবাদ মাধ্যম অথৱা সৰ্বসাধাৰণ ৰাইজৰ কোনেও বিদ্যালয়খনৰ চৌহদত প্ৰৱেশ কৰিব পৰা নাই।
দেওবাৰে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে সংঘৰ মুৰব্বীগৰাকীক সাক্ষাৎ কৰাৰ বিপৰীতে সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাও তালৈ যোৱাৰ কথা প্ৰচাৰ হৈছিল যদিও দিনৰ ভাগত তেওঁ তালৈ যোৱা নাই। বিদ্যালয় চৌহদৰ পৰা সৰকি অহা খবৰ মতে, ২ মে’ পৰ্যন্ত বাহৰ পাতিবলগীয়া মোহন ভগৱতক সোমবাৰে নিশা অথৱা মঙলবাৰেহে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে সাক্ষাৎ কৰিব।
The post চন্দ্ৰপুৰত গোপনে মোহন ভগৱতৰ বাহৰ, নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী আৰক্ষীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DP5kkL
via IFTTT
Comments
Post a Comment