মিচিং সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মাজুলীৰ সীমান্তৰ নতুন বজাৰৰ ৰতনপুৰত তৰুণ চন্দ্ৰ পামেগাম ক্ষেত্ৰত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মিচিং আগম কেবাং (মিচিং সাহিত্য সভা)ৰ ২৩ সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত ২০১৯-২০২২ বৰ্ষৰ তিনিবছৰীয়া কাৰ্যকালৰ বাবে মিচিং সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। মিচিং সাহিত্য সভাৰ সভাপতিৰূপে পূৰ্বৰ সভাপতি গোবিন্দ টাইদ পুনৰ সৰ্বসন্মতক্ৰমে নিৰ্বাচিত হয়।
ইফালে সাধাৰণ সম্পাদক পদত নিৰ্বাচিত হয় ডিম্বেশ্বৰ দলে। তদুপৰি মিচিং আগম কেবাং (মিচিং সাহিত্য সভা)ৰ উপ-সভাপতি হিচাপে ক্ৰমে- গোবিন নৰহ আৰু ৰবিন পাতিৰ, সহকাৰী সাধাৰণ সম্পাদক হিচাপে ক্ৰমে- ডাঃ অনিল কুমাৰ পেগু, ডাঃ ঘনকান্ত দলে, হৰিকান্ত পেগু আৰু ধনপ্ৰভা মিলি টাৱক লৈ মুঠ ৪১ জনীয়া কাৰ্যনিৰ্বাহক সদস্যৰে মিচিং আগম কেবাঙৰ নতুন পূৰ্ণাংগ সমিতিখন আগন্তুক তিনিবছৰৰ বাবে গঠন কৰা হয়।
The post মিচিং সাহিত্য সভাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2vquMIu
via IFTTT
Comments
Post a Comment