সপৰিয়ালে অভিতাভ বচ্চন, স্বামীৰ সৈতে স্মৃতি ইৰাণী আৰু অকলেই ভোট দিবলৈ আহিল ভাইজান চলমান…

ডিজিটেল ডেস্কঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ আজি চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণ। ৯ ৰাজ্যৰ ৭২ খন আসনৰ বাবে ৯৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ১২ কোটি ৭২ লাখ ভোটাৰে। পুৱাৰে পৰা সাধাৰণ জনগণৰ লগতে বহু ৰাজনৈতিক নেতা আৰু ছবিজগতৰ তাৰকা শিল্পীয়ে ভোটকেন্দ্ৰত শাৰী পাতি ভোটদান সাব্যস্ত কৰা দেখা গ’ল।

দুপৰীয়াভাগত মুম্বাইত সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে বিগ বি অভিতাভ বচ্চনে।

মুম্বাই জুহু পলিং ষ্ট্ৰেচনত ভোটাধিকাৰ সাব্যস্ত কৰিলে জয়া বচ্চন, অভিষেক বচ্চন আৰু বোৱাৰী ঐশ্বৰ্য্য ৰায় বচ্চনে।

আনফালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে স্বামী জুবিন ইৰাণীয়ে সাব্যস্ত কৰিলে ভোটাধিকাৰ।

দুপৰীয়া ভাগত মুম্বাইৰ বান্দ্ৰাত ভোটাধিকাৰ সাব্যস্ত কৰিলে চলমান খানে।

The post সপৰিয়ালে অভিতাভ বচ্চন, স্বামীৰ সৈতে স্মৃতি ইৰাণী আৰু অকলেই ভোট দিবলৈ আহিল ভাইজান চলমান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XV9LSG
via IFTTT

Comments