বাক্সাত ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ, আৰক্ষীয়ে আটক কৰে এজনক…

ডিজিটেল সংবাদ, শালবাৰীঃ ৰাজ্যত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণকাণ্ড৷ হোজাইৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ বাক্সাৰ শালবাৰীত সংঘটিত হ’ল আন এক নাৰকীয় ঘটনা৷ নিশা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গৈ তিনি পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী ১৬ বছৰীয়া কিশোৰী৷ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ শিমলা আৰক্ষী থানাৰ অন্তৰ্গত ডুবাত নিশা সংঘটিত হয় এই জঘন্য কাণ্ড৷
শিমলা থানাৰ গোলাগাঁওৰ সমীপৰ ডুবাত চলি থকা ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানলৈ গৈছিল ১৬ বছৰীয়া কিশোৰী গৰাকী৷ অনুষ্ঠানস্থলীৰ ওচৰৰে সমনীয়া বান্ধৱীৰ ঘৰত যাওঁতে সংঘটিত হয় ঘটনাটো৷ মুখত সোপা দি নৈৰ পাৰৰ জাৰণিলৈ দাঙি লৈ গৈছিল কিশোৰীগৰাকীক আৰু তিনিও মিলি সংঘটিত কৰিছিল এই জঘন্য কাণ্ড৷ লগতে যুৱক তিনিজনে ঘটনাটো প্ৰকাশ কৰিলে হত্যাৰ ভাবুকিও দিছিল কিশোৰীগৰাকীক৷

ইফালে, কিশোৰী গৰাকীয়ে নিশাই সকলো কথা পিতৃ-মাতৃক অৱগত কৰাত শিমলা থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ প্ৰদান কৰে পৰিয়ালৰ লোকে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে তিনিজনীয়া দলটোৰ তপন দাস নামৰ এটা পাষণ্ডক৷ ধৃত তপন দাসৰ ঘৰ সাদেৰি চুবাত৷
উল্লেখ্য যে, ধৃত তপন দাস নামৰ যুৱকজনে বিগত দুবছৰ ধৰি কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যদিও কিশোৰী গৰাকীয়ে সেই প্ৰস্তাৱ বাৰে বাৰে প্ৰত্যাখ্যান কৰি আহিছিল৷ আনকি ঘটনাৰ নিশাও ধৃত তপন দাসে কিশোৰী গৰাকীক ঘৰলৈ অহাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ আৰক্ষীৰ অভিযানত এই নৰপিশাচটো আটক হৈছে যদিও এতিয়াও পলাতক হৈ আছে আন দুই ধৰ্ষণকাৰী পাষণ্ড৷
The post বাক্সাত ১৬ বছৰীয়া কিশোৰীক বলাৎকাৰ, আৰক্ষীয়ে আটক কৰে এজনক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XXFHpr
via IFTTT
Comments
Post a Comment