ন্যায়ালয়ৰ লগত লুকা-ভাকু নচলিবঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ…

ডিজিটেল ডেস্কঃ ৰাফেল ক্ৰয় প্ৰক্ৰিয়া গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয় হৈছে কঠোৰ। কেন্দ্ৰ চৰকাৰে কিছু সময় বিচাৰিছে শপতনামা দাখিলৰ বাবে। লগতে মঙলবাৰে হ’বলগীয়া শুনানি যাতে বাতিল কৰা হয় তাৰ বাবেও অনুৰোধ জনাইছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে, এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰা হ’ব। ইফালে নাম উল্লেখ নকৰাৰ বাবে তদন্ত কমিটীৰ মুৰব্বী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ক্ষোভিত হৈ উঠে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাগৰাকীক সকীয়নি দিয়ে।
আনহাতে, প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগৰ সন্দৰ্ভত অভিষেক মনু সিংঘৱীকো সকীয়না দিয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়- সকলোৱে ন্যায়ালয়ৰ লগত লুকা-ভাকু কিয় খেলি আছে?
মুখ্য ন্যায়াধীশ গৰাকীয়ে লগতে কয়- ‘কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাগৰাকীয়ে শপতনামা দাখিল কৰিব বিচাৰে বুলি জনাইছে যদিও, এই সন্দৰ্ভত জনোৱা নাই যে ৰাফেলৰ গোচৰৰ শপতনামা দাখিল কৰিব বিচাৰে নে নিবিচাৰে। সেয়েহে তেওঁলোকে অধিক সময় আৰু শুনানি পিচুৱাব বিচাৰিছে। তেওঁলোকে ক’ব লাগিছিল যে মঙলবাৰে দিনৰ ২ বজাত ৰাফেল সন্দৰ্ভত হ’বলগীয়া শুনানিত শপতনামা দাখিল কৰিব বিচাৰে। একেদৰে সিংঘৱীয়েও প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ নাম ল’ব বিচৰা নাই। আপোনালোকে এইবোৰ বন্ধ কৰা উচিত। ন্যায়ালয়ৰ লগত লুকা-ভাকু খেলা নচলিব।’
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা গোচৰ সন্দৰ্ভত তদন্ত নকৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। কংগ্ৰেছ নেতৃত্বই উচ্চতম ন্যায়ালয়ক অনুৰোধ কৰে যে, প্রধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত ৰায়দান দিবলৈ নিৰ্বাচন আয়োগক যাতে নিৰ্দেশ দিয়ে।
কংগ্ৰছ নেতৃত্বই কয় যে, ২৩ এপ্ৰিলত ভোটগ্ৰহণৰ সময়ত গুজৰাটত প্ৰধানমন্ত্ৰীয়ে বিশাল ৰেলী বাহিৰ কৰি নিৰ্বাচনী আচৰণবিধি উলংঘা কৰিছিল। কংগ্ৰেছ এই সন্দৰ্ভত নিৰ্বাচন আয়োগক প্ৰধানমন্ত্ৰীগৰাকী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ গোচৰ দাখিল কৰিছিল। কিন্তু বৰ্তমানলৈ নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সাধাৰণতে এনে গোচৰৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ৭২ ঘণ্টাৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰে।
The post ন্যায়ালয়ৰ লগত লুকা-ভাকু নচলিবঃ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Lb4Vz4
via IFTTT
Comments
Post a Comment