উমা ভাৰতীক সাক্ষাৎ কৰি হুকহুকাই কান্দিলে প্ৰজ্ঞা সিং ঠাকুৰে, চাওক VIDEO

ডিজিটেল ডেস্কঃ সোমবাৰে ভুপাল সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী উমা ভাৰতীক। মধ্যপ্ৰদেশৰ উমাভাৰতীৰ সৈতে বহু সময় কথা বতৰা চলাৰ অন্তত গাড়ীত বহাৰ সময়তে হুকহুকাই কান্দি উঠে প্ৰজ্ঞা সিং ঠাকুৰ। হঠাতে কান্দি উঠা প্ৰজ্ঞা ঠাকুৰৰ কান্দোনৰ সন্দৰ্ভত উমা ভাৰতীক সাংবাদিকে প্ৰশ্ন কৰিছিল যদিও কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাছিল ভাৰতীয়ে। শেষত উমা ভাৰতীৰ অনুৰোধত পানী খাইহে কোনোমতে কান্দোন বন্ধ কৰে প্ৰজ্ঞা ঠাকুৰে। খবৰ অনুসৰি, এই দুই গৰাকী নেত্ৰীৰ মাজত পূৰ্বৰে পৰাই সম্পৰ্ক অতি সুদৃঢ়।

The post উমা ভাৰতীক সাক্ষাৎ কৰি হুকহুকাই কান্দিলে প্ৰজ্ঞা সিং ঠাকুৰে, চাওক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2vtjzXy
via IFTTT

Comments