নগাঁৱত এপিডিচিএলৰ তৃতীয় শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষাত উত্তপ্ত পৰিস্থিতি
পৰীক্ষা নিৰীক্ষকে পৰীক্ষাৰ্থীক সহায় কৰাৰ অভিযোগ নিৰীক্ষক আটক
ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ এপ্ৰিল ঃ
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ তৃতীয় বৰ্গৰ কেতবোৰ পদৰ বাবে আজি অনুষ্ঠিত লিখিত পৰীক্ষাৰ নামত নগাঁও চহৰৰ এক পৰীক্ষা কেন্দ্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চহৰখনৰ নগাঁৱৰ বাঙ্গালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ৰিদীপ নাথ নামৰ এজন ছাত্ৰক এগৰাকী নিৰীক্ষকে বিশেষভাৱে সহায় কৰাৰ অভিযোগ তুলি অন্য পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। নন্দন ৰায় নামৰ নিৰীক্ষকগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অন্য পৰীক্ষাৰ্থীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰটোৰ অন্য পৰীক্ষাৰ্থীয়ে অভিযোগ উত্থাপন কৰা মতে কেন্দ্ৰটোত ৰিদীপ নাথ নামৰ পৰীক্ষাৰ্থীজন প্ৰৱেশ-পত্ৰ (এডমিট কাৰ্ড)ৰ মূল কপিৰ পৰিৱৰ্তে ফটোকপি লৈহে পৰীক্ষাত অৱতীৰ্ণ হৈছে। তদুপৰি তেওঁৰ সেই এডমিট কাৰ্ডৰ ফটোকপিৰ পিছফালে লিখা আছিল কেতবোৰ প্ৰশ্নোত্তৰ। বিষয়টো অন্য পৰীক্ষাৰ্থীৰ দৃষ্টিগোচৰ হোৱাত ইয়াকে লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। পিছত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত শিক্ষক নন্দন ৰায়ক আটক কৰি নগাঁও সদৰ আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে। ইপিনে অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীজনো পৰীক্ষা হলৰ পৰা পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে ইতিপূৰ্বে ৰাজ্যৰ গ্ৰামোন্নয়ন বিভাগ আৰু জলসিঞ্চন বিভাগত খালী হৈ থকা পদ পূৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত আজি এপিডিচিএলৰ তৃতীয় বৰ্গৰ পদ পূৰণৰ বাবে হোৱা লিখিত পৰীক্ষাত এডমিট কাৰ্ডৰ ফটোকপিত প্ৰশ্নৰ উত্তৰ ফাদিল হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।
( News Cr : দৈনিক গণ অধিকাৰ | A Dainik Gana Adhikar News Report )
The post নগাঁৱত এপিডিচিএলৰ তৃতীয় শ্ৰেণীৰ পদৰ লিখিত পৰীক্ষাত উত্তপ্ত পৰিস্থিতি appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2DOyLn1
via IFTTT
Comments
Post a Comment