নলবাৰীত ৰাজ্যভাষা প্ৰয়োগ আইন উলংঘা, উপায়ুক্তক সাক্ষাৎ সাহিত্য সভাৰ

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ ৰাজ্যভাষা প্ৰয়োগ আইন নলবাৰী জিলাত পদে পদে উলংঘা হোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে নলবাৰী জিলা সাহিত্য সভাই। জিলাখনৰ চৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান আদিত অসমীয়া ভাষা প্ৰয়োগ কৰা, জিলাখনত অসমৰ ৰাজ্য ভাষা প্ৰয়োগ আইনখন বলবৎ কৰা আৰু নলবাৰী চহৰত বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অসমীয়া ভাষা ব্যৱহাৰ নকৰা আদি বিষয় আলোচনা কৰাৰ অৰ্থে সোমবাৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ নেতৃত্বত এটি সজাতি দলে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীক সাক্ষাৎ কৰে৷
সজাতি দলটোত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা আৰু নলবাৰী জিলা সাহিত্য সভাৰ ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি ড°দীনমণি ভাগৱতীয়ে অংশ গ্ৰহণ কৰে৷ উপায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে।
জিলা সাহিত্য সভাৰ তৰফৰ পৰা উপায়ুক্তগৰাকীক গামোচা, জাপি আৰু গ্ৰন্থৰ টোপোলাৰে নৱবৰ্ষৰ ওলগ জনোৱা হয়৷ নলবাৰী জিলা সাহিত্য সভাই নলবাৰী চহৰৰ মাজমজিয়াত অথবা চাৰিআলি চ’ক আদিত নলবাৰী জিলাৰ কেইগৰাকীমান বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰী ভূমি আৱণ্টন দিবলৈও উপায়ুক্তক অনুৰোধ জনায়৷
The post নলবাৰীত ৰাজ্যভাষা প্ৰয়োগ আইন উলংঘা, উপায়ুক্তক সাক্ষাৎ সাহিত্য সভাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GJnyEQ
via IFTTT
Comments
Post a Comment