নিৰ্বাচন আয়োগলৈ পত্ৰ উচ্চতম ন্যায়ালয়ৰ

ই ভি এম বিসংগতি প্ৰশ্নকাৰীক ছমাহৰ কাৰাদণ্ড আইনক প্ৰত্যাহবান

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হৰেকৃষ্ণ ডেকাই ইয়াক লৈ প্ৰশ্ন কৰিছিল


নতুন দিল্লী, ২৯ এপ্ৰিল ঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটদানৰ সময়ছোৱাত গুৱাহাটী সমষ্টিত ভোটদান কৰি প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান হৰেকৃষ্ণ ডেকাই ই ভি এমৰ বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগ উত্থাপন কৰি তেওঁ কৈছিল যে নিৰ্বাচন আয়োগক ই ভি এমৰ বিসংগতিৰ প্ৰশ্ন উত্থাপন কৰিলে ছমাহৰ কাৰাদণ্ড হোৱাৰো সম্ভাৱনা আছে। কিয়নো নিৰ্বাচন আয়োগত ই ভি এমৰ বিসংগতিৰ প্ৰশ্ন উত্থাপন কৰি যদি তাৰ তথ্য-প্ৰমাণ কৰিব নোৱাৰিলে ছমাহৰ কাৰাদণ্ড নাইবা¸ এক হাজাৰ টকা জৰিমনাৰ আইনী নিৰ্দেশনা আছে। গুৱাহাটী সমষ্টিত ভোটদান কৰি ই ভি এমৰ বিসংগতিৰ কথা উল্লেখ কৰি প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে নিৰ্বাচন আয়োগৰ এই আইনী নিৰ্দেশনাক লৈ এক প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ কৈছিল– নিৰ্বাচন আয়োগৰ এনে আইনী নিৰ্দেশনাৰ বাবে কোন ভোটাৰে ই ভি এমৰ বিসংগতিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে প্ৰত্যাহবান জনাব· আজি এই সম্পৰ্কে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ এখন নিৰ্দেশনা-পত্ৰ প্ৰেৰণ কৰিছে। সুনীল আহয়া নামৰ এগৰাকী ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ এনে আইনী নিৰ্দেশনাৰ বিৰুদ্ধে এখন আবেদন দাখিল কৰিছিল। আজি উচ্চতম ন্যায়ালয়ে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি নিৰ্বাচন আয়োগলৈ এখন নিৰ্দেশনা-পত্ৰ প্ৰেৰণ কৰে।

মন কৰিবলগীয়া যে নিৰ্বাচন আয়োগৰ অনুেচ্ছদ-৪৯এমএৰ অনুসৰি যদি কোনো ব্যক্তিয়ে ই ভি এমৰ বিসংগতি সম্বন্ধে অভিযোগ (কোনো বিশেষ দলক ভোটদান কৰিলে, কিন্তু আন দললৈ গ’ল ভোটটো) কৰে আৰু তদন্তৰ পিছত সেই অভিযোগ ভুল বুলি প্ৰমাণিত হয়, তেন্তে অভিযোগকাৰীৰ বিৰুদ্ধে ভুল তথ্য অভিযোগ কৰাৰ ভিত্তিত আই পি চি ধাৰা ১৭৭ৰ সহায়ত অভিযোগকাৰীৰ বিৰুদ্ধে ছমাহৰ কাৰাদণ্ড নাইবা এহেজাৰ টকা জৰিমনা বিহিব পাৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ এনে আইনী নিৰ্দেশনাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল সুনীল আহয়া নামৰ ব্যক্তিগৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰ বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰি নিৰ্বাচন আয়োগলৈ নিৰ্দেশনা-পত্ৰ প্ৰেৰণ কৰিছে। মন কৰিবলগীয়া যে ই ভি এমক লৈ প্ৰশ্ন উত্থাপনৰ সংখ্যা হ্ৰাস কৰাৰ বাবেই নিৰ্বাচন আয়োগে এনে আইনী নিৰ্দেশনা জাৰি কৰিছে বুলি বিভিন্ন সময়ত চৰ্চা চলি আহিছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post নিৰ্বাচন আয়োগলৈ পত্ৰ উচ্চতম ন্যায়ালয়ৰ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2V39gJe
via IFTTT

Comments