বিধ্বস্ত পথে কন্দুৱাইছে ৰহাৰ কপিলীপৰীয়া ৰাইজক…

ডিজিটেল সংবাদ, ৰহাঃ পৰিবৰ্তন, উন্নয়নৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাইছে ৮২নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত কপিলী নদীৰ দক্ষিণপাৰৰ পথৰ বিধ্বস্ত অৱস্থাই৷ ৮২ নং অসম বিধান সভাৰ ৰহা সমষ্টিৰ চহৰী মৌজাৰ কপিলী নদীৰ দক্ষিণ পাৰৰ ৰাইজক আজিও কন্দুৱাইছে পথৰ বিধ্বস্তৰূপে৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে গাদী দখল কৰাা চৰকাৰখনৰ দিনত কপিলীপৰীয়া এই অঞ্চলৰ বিধ্বস্ত বাট পথে উদঙাইছে উন্নয়নৰ প্ৰকৃত ছবিখন।
উদাহৰণ স্বৰূপে গছপৰা তিনিআলিৰ পৰা চাপৰমুখ কচুৱা পাৰ ঘাটৰ অভিমুখে যোৱা পথটোৰ কথা কব পাৰি। ৰহা সমষ্টিৰ সদৰ চহৰ ৰহা নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দক্ষিণত অৱস্থিত চাপৰমুখ কচুৱা পাৰঘাটৰ পৰা গছপৰা অভিমুখে যোৱা পথটোৰ উন্নয়নৰ নামত বছৰৰ পাছত বছৰ ধৰি চলিল কেৱল চৰম প্ৰতাৰণা । ৰহা সমষ্টিৰ কপিলী নদীৰ দক্ষিণ পাৰৰ গছপৰা, ডালীমবাৰি, গাৰোগাও, হাটবৰ, নকুচি, বালিকুচি, কাকতিগাও শীলভেটা, চিৰমলা সহ বহু কেইখন গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে এই পথটোৰে কপিলী নদীৰ উত্তৰ পাৰৰ লগত যোগাযোগ ৰক্ষা কৰি চলাৰ লগতে এই পথটোৰে কাৰ্বিআংলং জিলাৰ লগতো যোগাযোগ কৰিব পাৰে ।
আনহাতে কচুৱা পাৰঘাটৰ পৰা চাপৰমুখ হৈ ৰহা নগৰৰ লগত সংযোগ ৰক্ষা কৰিব পৰা পথটো উন্নয়নৰ নামত মাথো ৰাইজে প্ৰতিশ্ৰুতিহে পালে। এই পথটোৰে কিছু দুৰ উত্তৰ দিশত উত্তৰ পূব সীমান্ত ৰেলৱে চাপৰমুখ জংচন অধিস্থিত লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথকো সংযোগ কৰা এই পথটোৰ গুৰুত্ব আৰু অধিক যদিও চকু মুদা কুলিৰ ভাৱত বিভোৰ জনপ্ৰতিনিধি। এই পথটোৰে নিতৌ শ শ ৰাইজে সমষ্টিটোৰ বিভিন্ন স্থানলৈ অহা-যোৱা কৰাৰ লগতে বহিঃবিশ্বৰ লগত যোগাযোগৰ অন্যতম গুৰুত্বপূৰ্ণ পথ এইটো ।
অন্যহাতে এই পথটোৰ বিধ্বস্ত ৰূপৰ ফলত বিভিন্নজনৰ লগতে দুৰ্ভোগ ভুগিছে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে। প্ৰাপ্ত তথ্যমতে এই পথটো উন্নয়নৰ নামত প্ৰায় ৭ বছৰৰ আগে জনৈক নিজাম নামৰ এজন ঠিকাদাৰে পথটো মেৰামতিৰ দায়িত্ব লাভ কৰিছিল যদিও শিল কেইটামান পেলাই দায়িত্ব শেষ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰায় ৮০০ মিটাৰ দৈৰ্ঘ্যৰ এই গুৰুত্বপূৰ্ণ অথচ বিধ্বস্ত পথটোৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰিলে বৰ্তমান চৰকাৰ খনৰ ৩ বছৰীয়া কাৰ্যকালত বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে এই বিধ্বস্ত পথসমূহৰ উন্নয়নৰ ব্যৱস্থা লবলৈ ৰাইজে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসক আহ্বান জনাইছে ৷
The post বিধ্বস্ত পথে কন্দুৱাইছে ৰহাৰ কপিলীপৰীয়া ৰাইজক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VxS4e3
via IFTTT
Comments
Post a Comment