ৰাজনীতিৰ এ বি চি নাজানো, কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত প্ৰৱাহিত…চাওক VIDEO

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে বিজেপিত যোগদান কৰিছে ছানী দেউলে। বিজেপিত যোগদান কৰাৰ পাছতে দলীয় টিকটো লাভ কৰিছে অভিনেতাগৰাকীয়ে। পুত্ৰই ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰাক লৈ পিতৃ ধমেন্দ্ৰই সংবাদমাধ্যমৰ সন্মুখত ক’লে ‘ ছানী ৰাজনীতিত প্ৰৱেশ কৰাৰ সিদ্ধান্তত মই সুখী। সি ৰাজনীতিৰ এ বি চি একো নাজানে। কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত আছে। মই বিকানেৰত যেনেকুৱা কাম কৰিছিলো, ছানীয়েও সেই কামকে কৰিব।’ উল্লেখ যোগ্য যে, ছানী দেউলে সোমবাৰে গুৰদাসপুৰত মনোনয়ন পত্ৰ দাখিল কৰিছে। এই গুৰদাসপুৰ লোকসভা সমষ্টিত চাৰিবাৰকৈ সাংসদ হিচাপে জয়ী হৈছিল প্ৰয়াত অভিনেতা বিনোদ খান্না।
#WATCH Mumbai: Veteran actor Dharmendra says "We don't know the ABC of politics but patriotism is in our blood, we will serve the nation. What I did in Bikaner you can go and see, Sunny will also serve the nation." #LokSabhaElections2019 pic.twitter.com/DHUqymVxCc
— ANI (@ANI) April 29, 2019
The post ৰাজনীতিৰ এ বি চি নাজানো, কিন্তু দেশভক্তিৰ ৰক্ত আমাৰ দেহত প্ৰৱাহিত…চাওক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2J3MFVF
via IFTTT
Comments
Post a Comment