মোক নিৰ্বাচনী যুঁজৰ পৰা আতৰোৱাৰ ষড়যন্ত্ৰ ৰচিছে মোডীয়েঃ তেজ বাহাদুৰ যাদৱ

ডিজিটেল ডেস্কঃ বাৰানসী সংসদীয় সমষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিএছএফ জোৱান তেজ বাহাদুৰ যাদৱে। কিন্তু বৰ্তমান তেজ বাহাদুৰৰ প্ৰাৰ্থিত্বক লৈ বিপদ দেখা দিছে। সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰা মনোনয়ন পত্ৰ সন্দৰ্ভত এক নতুন তথ্য পোহৰলৈ আহিছে।

দৰাচলতে নিৰ্বাচন আয়োগে তেজ বাহাদুৰ যাদৱলৈ এখন জাননী প্ৰেৰণ কৰিছে, য’ত প্ৰাৰ্থীগৰাকীয়ে জমা দিয়া দুখন শপতনামাত উল্লেখ কৰা তথ্যসমূহ পৃথক পৃথক। সেয়েহে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰে এই জাননী। উল্লেখ্য যে, তেজ বাহাদুৰে প্ৰথমে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন পত্ৰৰ সৈত জমা দিয়া শপতনামাত উল্লেখ কৰিছিল যে, তেওঁক বিএছএফৰ পৰা বৰ্খাস্ত কৰা হৈছে। কিন্তু সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে দাখিল কৰা মনোনয়নত তেওঁ এই কথা উল্লেখ কৰা হোৱা নাছিল।

j7aj6do8

বাৰানসীৰ ৰিটাৰ্নিং বিষয়াই এই সন্দৰ্ভত জানিবলৈ পোৱাৰ পাছতেই প্ৰাৰ্থীগৰাকীক এখন জাননী প্ৰেৰণ কৰে আৰু ইয়াৰ বিষয়ে উত্তৰ বিচাৰে। উল্লেখ্য যে, ১ মে’ তাৰিখে পুৱা ১১ বজাৰ ভিতৰলৈ তেজ বাহাদুৰে এই সন্দৰ্ভত জিলা কালেক্টৰক উত্তৰ দিব লাগিব।

ইফালে, সমাজৱাদী পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে, চৰকাৰে মোক নিৰ্বাচনী যুঁজৰ পৰা আতৰোৱাৰ ষড়যন্ত্ৰ ৰচিছে। ইয়াৰ দ্বাৰা বুজিব পাৰি যে আমাৰ দেশত বৰ্তমান হিটলাৰী শাসন চলিছে। তেওঁ মোক বাধা দিবৰ বাবে সমগ্ৰ শক্তি ব্যৱহাৰ কৰিছে। লগতে তেওঁ কয় যে এই সকলোবোৰ প্ৰধানমন্ত্ৰী মোডীৰ ইংগিতত কৰা হৈছে।

 

The post মোক নিৰ্বাচনী যুঁজৰ পৰা আতৰোৱাৰ ষড়যন্ত্ৰ ৰচিছে মোডীয়েঃ তেজ বাহাদুৰ যাদৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VboEmY
via IFTTT

Comments