নাৰায়ণপুৰত ছাত্ৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি চাঞ্চল্য

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পদ্মপুৰ গাঁৱৰ এজন নৱম শ্ৰেণীৰ ছাত্র যোৱা ৪ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালটোত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ প্ৰভাত বৰা আৰু চন্দ্ৰপ্ৰভা বৰাৰ একমাত্ৰ পুত্ৰ জুমন বৰা যোৱা ২৪ এপ্ৰিলৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে।

স্থানীয় পিছলাগুৰি উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজনৰ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষী থানাত লিখিত ভাবে অৱগত কৰিছে যদিও কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে বিভিন্ন স্থানতো খা-খবৰ কৰি একমাত্ৰ পুত্ৰ সন্তানটিৰ কোনো শুং-শুত্ৰ লাভ নকৰাত যথেষ্ট চিন্তিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন।

আনহাতে ছাত্ৰ জনৰ নিৰুদ্দেশৰ ঘটনাৰ লগত কোনো দুষ্ট চক্ৰ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। নিৰুদ্দিষ্ট ছাত্র জনৰ কিবা সম্ভেদ লাভ কৰিলে স্থানীয় আৰক্ষী থানা অথবা ৮৮২২৭৪১৬০৫/৬০০০৬৩৪০৩৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

The post নাৰায়ণপুৰত ছাত্ৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি চাঞ্চল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UPk3BI
via IFTTT

Comments