নিবনুৱা সকলৰ বাবে সুখবৰ, চাকৰি ওলাইছে…

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱা যুৱক সকলৰ বাবে সুখবৰ। সীমা সুৰক্ষা বল চমুকৈ বি এছ এফত ওলাইছে চাকৰি। হেড কনিষ্ঠবলৰ নিযুক্তিৰ বাবে নতুনকৈ ওলাইছে ১০৭২ টা পদ। প্ৰাপ্ত খবৰ অনুসৰি এই পদৰ দৰমহা হ’ব ২৫,৫০০ টকাৰ পৰা ৮১,১০০ টকাৰ ভিতৰত। এই ১০৭২ টা পদৰ ভিতৰত হেড কনিষ্টবল ৰেডিঅ’ অপাৰেটৰ বাবে আছে ৩০০ পদ আনহাতে ৰেডিঅ’ মেকানিক পদৰ বাবে আছে ৭৭২ টা পদ।
- বয়স-
আবেদনকাৰী বয়স হ’ব লাগিব ১৮ বছৰ পৰা ২৫ বছৰৰ ভিতৰত। আবেদনৰ বাবে জেনেৰেল আৰু অ বি চি আবেদনকাৰীয়ে দিব লাগিব ১০০ টকাৰ মাচুল। এই মাচুল এচ বি আই অনলাইন পেমেন্টৰ যোগে দিব লাগিব। এছ টি- এছ চি, মহিলা আৰু পূৰ্বে সেনাবাহিনীত কৰ্মৰত সেনাৰ পৰিয়ালৰ সদস্যই দিব নালাগে কোনো মাচুল।
- শিক্ষাগত অহৰ্তা-
দ্বাদশ উৰ্ত্তীণৰ লগতে আই টি আই ডিগ্ৰী/ডিপ্লমা অনিবাৰ্য।
আই টি আইৰ বিষয়সমূহ- ইলেক্টনিছ, ৰেডিঅ’ আৰু টেলিভিছন। ৬০ শতাংশ নম্বৰেৰে উৰ্ত্তীণ হ’ব লাগিব।
- অন্যান্য খবৰ-
আবেদনৰ তাৰিখ আৰম্ভ হ’ব ১৪ মেৰ পৰা।
আবেদনৰ বাবে শেষ তাৰিখ- ১২ জুন।
২৮ জুলাইত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।
অনলাইনৰ জৰিয়তে http://bsf.nic.in আবেদন কৰিব পাৰিব ইচ্ছুক আবেদনকাৰীয়ে।
The post নিবনুৱা সকলৰ বাবে সুখবৰ, চাকৰি ওলাইছে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2J22cFm
via IFTTT
Comments
Post a Comment