ভঙাগড়ত উচ্চেদৰ নামত মানৱিয়তা আৰু শালিনতাৰ সকলো সীমা চেৰাই গ’ল পৌৰ নিগমৰ বিষয়াই

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ ভঙাগড় অঞ্চলত মঙলবাৰে পুনৰ চলিল পোহাৰি উচ্চেদৰ অভিযান। সকলোৱে বিচাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ জৰুৰী অৱস্থাত ৰোগী পাৰ হৈ যাব পৰাকৈ মুক্ত হৈ থাকক এই পথ। পথটো মুক্ত ৰাখিবলৈ পূৰ্বেও বহুবাৰ চলিছে উচ্চেদ। ২ লেনযুক্ত পথটো অহা আৰু যোৱাৰ বাবে ৪ লেনলৈ সম্প্ৰসাৰণো কৰা হৈছে। কিন্তু পথ দুটাৰ দাতিত খুচুৰা দোকানী পোহাৰিৰ সংখ্যা দিনে দিনে বাঢ়িহে গৈছে। ফলত পথৰ সম্প্ৰসাৰণে যান জঁটৰ সমস্যা দুৰ কৰিব পৰা নাই। এনে পৰিস্থিতিতে মঙলবাৰে পৌৰ নিগমৰ সুৰক্ষা বাহিনী লগত লৈ পথটোৰ দাতিৰ শাক পাচলি ফলমূলৰ পোহাৰি উচ্চেদৰ বাবে পুৱাৰ ভাগতে ইয়াত উপস্থিত হয় পৌৰ নিগমৰ ডেপুটি এনফৰ্চমেন্ট বিষয়া দিলীপ দাস সমন্বিতে বৃহৎ এটা দল। কিন্তু অবৈধ ক্ষুদ্ৰ বেপাৰী উচ্চেদৰ নামত এইগৰাকী বৰ মতা বিষয়াই কৰা উদ্ভন্দালিৰে মানৱিয়তা আৰু শালিনতাৰ সকলো সীমা অতিক্ৰম কৰি গ’ল।

উচ্চেদৰ সন্মুখীন হোৱা এইসকল পোহাৰিৰ অধিকাংশই অশিক্ষিত বা অৰ্ধশিক্ষিত। বিষয়া গৰাকীৰ পিছে সাজে পোছাকে ভদ্ৰ লোক আৰু শিক্ষা দীক্ষাৰে ডাঙৰ মানুহ। মাথো তেওঁৰ মগজুত নাই এইসকল পোহাৰিৰ সুৰক্ষাৰ বাবে দেশৰ চৰকাৰে প্ৰণয়ন কৰি থোৱা আইনৰ জ্ঞান। যদি থাকিল হেতেন মহিলা সুৰক্ষা আইন সম্পৰ্কেও তেওঁ অৱগত হ’লহেতেন, সেই এলেকাতে লাগি থকা ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাম কাজ সন্দৰ্ভত সামান্যতমো ধ্যান ধাৰণা তেওঁৰ থাকিলহেতেন, তেনেহলে উচ্চেদৰ নামত এই নিশকটীয়া মহিলাগৰাকীক তেওঁলোকৰ সুৰক্ষা কৰ্মীয়ে ধৰি থকা অৱস্থাত মুখত ঘুচিয়াবলৈ উদ্যত হৈ বৰমতা দেখুওৱাৰ সাহস নকৰিলেহেতেন। তেওঁৰ পত্নী-সন্তানেও হয়তো এইগৰাকী বিষয়াই দূৰ্ভিক্ষ পীড়িত শীৰ্ণকায় মহিলা গৰাকীৰ ওপৰত দেখুওৱা বিৰত্তৰ দৃশ্যত স্তম্ভিত হ’লহেতেন।

পদপথ তথা ৰাজপথত বিভিন্ন লোকে ব্যৱসায় কৰাৰ বাবে বহু সময়ত অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰীসকল। যাৰ বাবে অবৈধ ভাৱে তথা প্ৰশাসনৰ অনুজ্ঞা পত্ৰ অবিহনে কোনো লোকে ব্যৱসায় কৰিলে কোনো স্থানৰ পৰা ব্যৱসায়ীসকলক আতৰাই দিয়াৰ বাবে আইনৰ সহায়েৰে প্ৰশাসনে ব্যৱস্থা লব পাৰে। কিন্তু কোনো লোকক উচ্চেদ কৰাৰ নামত শাৰাশাস্তি কৰাৰ কাৰো অধিকাৰ নাই। সেইজন প্ৰশাসনৰ কোনো লোকেই হওক বা আন কোনো ৰাজ্যচৰকাৰৰ গুৰু গোসাই নমনা উচ্চপদত অধীস্ত্ৰিত কোনো বিষয়াই নহওক।

কোনো লোকক উচ্চেদ কৰাৰ সময়ত প্ৰশাসনে দিব লাগে আগজাননী। যাৰ দ্বাৰা পদপথৰ ব্যৱসায়ীসকলে নিজকে আন কোনো ঠাইত সংস্থাপিত কৰাৰ বাবে নিদিষ্ট সময় পাই। কিন্তু ইয়াকে নকৰি সুৰক্ষা কৰ্মীৰ সহায়েৰে শাৰাশাস্তি কৰাৰ লগতে শাৰীৰিক প্ৰহাৰ কৰাৰ বাবে বহু সময়ত পদপথৰ বহু ব্যৱসায়ী শাৰীৰিকভাৱে ঘূণীয়া হ’ব লগাও হৈছে।

পদপথৰ ব্যৱসায়ীসকলৰো আছে নিজৰ সুৰক্ষাৰ বাবে আইন। এইসকল ব্যৱসায়ীৰ অধিকাৰ সুৰক্ষাৰ বাবে ২০১৪ চনত প্ৰৱৰ্তন কৰা হৈছিল এখন আইন। ২০১২ চনৰ ৬ চেপ্তেম্বৰত লোকসভাত বিধেয়কখন উত্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০১৩ বৰ্ষৰ সেই একে দিনতে বিধেয়কখন লোকসভাত পাছ কৰা হৈছিল আৰু ২০১৪ চনৰ ১৯ ফেব্ৰুৱাৰীত ৰাজ্যসভাত বিধেয়কখন পাছ হৈছিল। একে বৰ্ষৰে ৪ মাৰ্চত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হৈছিল। ২০১৪ বৰ্ষৰ ১ মে’ৰ পৰা কাৰ্যকৰী হৈছিল ষ্ট্ৰীট ভেনদৰৰ সুৰক্ষা তথা সা-সুবিধাৰ আইনখন।

যিখন আইনৰ মতে, পদপথৰ দাতিৰ ক্ষুদ্ৰ পোহাৰিসকলক য’তে ততে বহিবলৈ দি মন গলেই জাননী নিদিয়াকৈ যধে মদে উচ্চেদ কৰিব নোৱাৰে। তেওঁলোকক উচ্চেদৰ জাননী দিয়াৰ লগতে বিকল্প স্থানৰ ব্যৱস্থাও কৰি দিব লাগিব প্ৰশাসনে। সেই স্থানত বিষুদ্ধ খোৱাপানী তথা অনাময় ব্যৱ্স্থা কৰি দিয়াৰ উপৰি পোহাৰি সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱ্স্তাও কৰিব লাগিব। লগতে কম ব্যয়ৰে আশ্ৰয় আৰু খোৱা বোৱাৰ সুবিধাও নিগমে কৰি দিব লাগিব। কিন্তু এইগৰাকী বিষয়াৰ কাম দেখিলে আচৰিত হ’ব আপুনি-

কিন্তু আইনৰ সকলো কথা পাহৰি নিজ ইচ্ছাৰে কোনো এজন বিষয়াই এনেদৰে কৰা কাৰ্য কোনো লোকে গ্ৰহণ কৰিব নোৱাৰে। দুৰ্বল ব্যৱসায়ীৰ পৰা উচ্চেদৰ নামত শাৰাশাস্তি কৰি পৰৱৰ্তী সকময়ত আকৌ ধনৰ লেনদেন কৰি ব্যৱসায়ৰ বাবে অনুমতি দিয়াৰো অভিযোগ বহু সময়ত উঠিছে পৌৰ নিগমৰ বিষয়াৰ বিৰুদ্ধে। উল্লেখ্য যে, অভিযোগ অনুসৰি এনে কিছু পথ আছে য’ত যান বাহন ৰখাৰ বাবে পথাচাৰীসকল অসুবিধাৰ সন্মুখীন হয় কিন্তু কোনো সম্ভ্ৰান্ত লোকৰ ঘৰৰ সন্মুখ অথবা ব্যৱসায়ীক প্ৰতিস্থানৰ সন্মুখত এনেদৰে যান বাহন ৰখাৰ কাৰ্যৰ বিৰোধ কোনো দিনে কৰা নাই পৌৰ নিগমৰ একাংশ বিষয়াই।

The post ভঙাগড়ত উচ্চেদৰ নামত মানৱিয়তা আৰু শালিনতাৰ সকলো সীমা চেৰাই গ’ল পৌৰ নিগমৰ বিষয়াই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ITDqrB
via IFTTT

Comments