পঞ্জাৱ, চণ্ডীগড়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

  • ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে।
  • মুঠ ৭ পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ৪ টা পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে অন্ত পৰিছে।
  • অহা ১৯ মে’ত অনুষ্ঠিত হ’ব অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • পঞ্জাৱ আৰু চণ্ডীগড়ত ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ।
  • ৰাজ্য দুখনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কংগ্ৰেছে ঘোষণা কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা।

  • কংগ্ৰেছৰ এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত দলটোৰ ৪০ জন জ্যেষ্ঠ নেতাৰ নাম অন্তৰ্ভূক্ত।
  • ৰাহুল গান্ধী, ছোনীয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীও আছে এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাত।
  • পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু বাক চাতুৰ্যৰে বিৰোধীক ধৰাশায়ী কৰা নৱজোৎ সিং সিদ্ধুৱেও চলাব নিৰ্বাচনী প্ৰচাৰ।
  • ৰাজ বাব্বৰ, গুলাম নবী আজাদৰ দৰে নেতাও স্থান পাইছে এই তালিকাত।

The post পঞ্জাৱ, চণ্ডীগড়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছৰ ৪০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PHzISM
via IFTTT

Comments