ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ…

ডিজিটেল সংবাদ ,হৰিশিঙাঃ ওদালগুৰিত বন্যহস্তীৰ আক্ৰমনত পুনৰ প্ৰাণ গ’ল এজন লোকৰ । সোমবাৰে নিশা প্ৰায় ১০ মান বজাত বন্যহস্তীৰ আক্ৰমণত ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত কোৰামৰ চাহ বাগিচাৰ বেনে খেৰিয়া নামৰ (৩০) ব্যক্তিজনৰ মৃত্যু হয়। ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত বহু বছৰ ধৰি হাতী মানুহৰ সংঘাতৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে , ইয়াৰ পিছতো বন বিভাগে কোনো গুৰুত্ব নিদিয়াক লৈ ক্ষুদ্ধ হৈছে ৰাইজ ।

The post ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XWJOlk
via IFTTT

Comments