‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ বাতৰিৰ পিছতে ঢকুৱাখনাত খহি যোৱা ৰাস্তা পুনৰ নিৰ্মাণ ঠিকাদাৰৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নিৰ্মাণৰ মাথো তিনিমাহৰ পাছতে ঢকুৱাখনাৰ এটা ৮৭ লাখ টকীয়া পথত চিৰাল ফাট মেলাৰ বাতৰি ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত সবিস্তাৰে প্ৰকাশ পোৱাৰ লগে লগে এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে বিতৰ্কিত ঠিকাদাৰ মৃদুকল্প চাংমায়ে। মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱাৰ আশীৰ্বাদপুষ্ট ঘিলামৰাৰ ঠিকাদাৰ মৃদুকল্প চাংমায়ে অতি নিম্নমানেৰে ঢকুৱাখনাৰ ১ নং হিলৈদাৰীত নিৰ্মান কৰা প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে খহিবলৈ আৰম্ভ কৰিছিল।
কিন্তু যোৱা ২৫ এপ্ৰিলত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত তথ্য সহকাৰে এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে মহকুমা প্ৰশাসনে বিতৰ্কিত ঠিকাদাৰ গৰাকীক তৎক্ষণাত এই পথতো পুনৰ নিৰ্মাণ কৰিবলৈ বাধ্য কৰে। এতিয়া ইয়াৰ বাবেই যোৱা শনিবাৰৰ পৰা পথতোৰ ইণ্টাৰলকিং ব্লক বোৰ আঁতৰাই পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিছে ঠিকাদাৰ চাংমায়ে।
উল্লেখ্য যে, প্ৰায় ৮৭ টকাৰে ১ নং হিলৈদাৰীৰ পৰা তেতেলী তললৈ নিৰ্মাণ কৰা ৯৫৯ মিঃ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ পাছতে ভাগিবলৈ আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী গ্ৰাম্য চৰক যোজনাৰ ২০১৭-১৮ বৰ্ষৰ পেকেজ নং এ এছ-১৫২৮৫ ৰ জৰিয়তে এবছৰ লগাই নিৰ্মাণ কৰা পথটোৰ অধীনৰ দুটা কলভাৰ্ট নিৰ্মাণটো সীমাহীন অনিয়ম সংঘটিত কৰিছিল এইগৰাকী ঠিকাদাৰে।
মুঠ ৮৬,৮৪,৯৪৩ টকা ব্যয় কৰা পথটো ভাৰত চৰকাৰৰ গ্ৰাম্য পথ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত তথা অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ লখিমপুৰ ৰাজ্যিক পথ সংমণ্ডলৰ দ্বাৰা অনুমোদিত এই গুৰুত্বপূৰ্ণ পথটো এতিয়া নিৰ্মাণৰ দুদিনৰ পাছতেই ফাটি যোৱাত লুণ্ঠনকাৰী ঠিকাদাৰৰ প্ৰকৃত চৰিত্ৰ যেন পুনৰ বাৰ ওলাই পৰিছিল ঢকুৱাখনাত।
ইফালে এই ৰাস্তাতোৰ পাঁচ বছৰীয়া চোৱাচিতাৰ বাবে ২,৯২,৬৬০ টকা চৰকাৰে দিছে যদিও মহকুমা প্ৰশাসনে যদি বৰ্তমানৰ দৰে তাৎক্ষণিক পদক্ষেপ নলয় তেতিয়াহলে বিতৰ্কিত ঠিকাদাৰ গৰাকীয়ে যে এনে নিম্নমানৰ কামেৰে পুনৰ লুণ্ঠন চলাই যাব সেয়া নিশ্চিত।
The post ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ বাতৰিৰ পিছতে ঢকুৱাখনাত খহি যোৱা ৰাস্তা পুনৰ নিৰ্মাণ ঠিকাদাৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ZLVSrt
via IFTTT
Comments
Post a Comment