যিকোনো মূহুৰ্তত সেনা-এনএছচিএনৰ ভয়ানক সংঘৰ্ষৰ আশংকাঃ হেলিকপ্টাৰেৰে বিদ্ৰোহীক নিৰীক্ষণ সেনাৰ

ডিজিটেল সংবাদ, ৱাখাঃ যুদ্ধ বিৰতি চুক্তিৰ গ্ৰাউণ্ড ৰুল ভংগ কৰি মণিপুৰৰ উখ্ৰল জিলাৰ চিহাই গাঁৱৰ সমীপত নাগা বিদ্ৰোহী সংগঠন এন এছ চি এনে (আই এম) এটি ডেজিগনেন্ট শিৱিৰ স্থাপন কৰাক লৈ সম্প্ৰতি আছাম ৰাইফলছ আৰু বিদ্ৰোহী সংগঠনটোৰ মাজত সৃষ্টি হোৱা ভয়ংকৰ যুদ্ধ সদৃশ পৰিস্থিতিয়ে গাঁওবাসীক তীব্ৰ আতংকত ভোগাইছে। প্ৰাপ্ত খবৰ অনুসৰি মণিপুৰৰ উখ্ৰল জিলাৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত থকা চিহাই গাঁৱৰ সমীপত থকা নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড আই এমৰ এটি ডেজিগনেন্ট শিৱিৰক সেনাই গধুৰ অস্ত্ৰলৈ বিগত তিনিদিন ধৰি ঘেৰি ৰাখি এক যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি কৰি ৰাখিছে।

জানিব পৰা মতে বিদ্ৰোহী শিবিৰটো উৎখাত কৰাৰ উদ্দেশ্যে আছাম ৰাইফলছৰ এনে আক্ৰমণৰ পৰিবেশৰ ৰচনা কৰাৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা বিয়পি পৰিছে। আনহাতে দুয়োপক্ষৰ আকোৰগোজ স্থিতিয়ে সম্প্ৰতি গাঁৱখনত সেনা আৰু বিদ্ৰোহী মাজত যিকোনো মূহুৰ্তত ভয়ংকৰ সংঘৰ্ষ সূত্ৰপাত ঘটাৰ সম্ভাৱনাই দেখা দিছে। সেনাই অৱশ্যে গাঁওবাসী আৰু নাগৰিক সমাজৰ আহ্বানক্ৰমে যোৱা দেওবাৰে আবেলি নিজৰ সৈন্য কিছু সময় কাৰণে ওভতাই নিছিল যদিও পুৱা পুনৰ যোৱা পাহাৰৰ শীৰ্ষ থকা শিৱিৰটো ঘেৰি পেলায়।

তদুপৰি সেনাই এন এছ চি এন (আই এম)ৰ ডেজিগনেন্ট শিৱিৰৰ অৱস্থিতৰ বাবে হেলিকপ্টাৰেৰে আকাশ মাৰ্গৰ পৰা আলোকচিত্ৰ লোৱাৰ ওপৰিও নিৰীক্ষণ অব্যাহত ৰাখিছে। জানিব পৰা মতে, ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ মাজত সম্পাদিত যুদ্ধ বিৰতি চুক্তি গ্ৰাউণ্ড ৰুল অনুসৰি বিদ্ৰোহীসকলে নিজৰ কেডাৰক অন্য ডেজিগনেন্ট শিৱিৰত ৰখাৰ কোনো অনুমতি নাই। কিন্তু আই এমে এই নিয়ম উলংঘা কৰি চিহাই গাঁৱৰ সমীপত এনে শিৱিৰ স্থাপনক লৈ এনে পৰিস্থিতি সৃষ্টি হয়। উল্লেখ্য যে, সেনা আৰু এন এছ চি এন কোনোপক্ষই নিজৰ সৈন্যক পিছ নোহোকাৰ বাবে বৰ্তমানেও অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছে।

ইফালে সেনা আৰু বিদ্ৰোহী এনে যুযুধান স্থিতি দেখি টাংখুল ৱমেন লীগ জনসাধাৰণৰ নিৰাপত্তা প্ৰতি অধিক শংকিত হৈ পৰিছে। টাংখুল ৱমেন লীগে দেওবাৰে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তি বজাই ৰাখিবলৈ এন এছ চি এনৰ শিৱিৰৰ নেতাসকল আৰু আছাম ৰাইফলছৰ বিষয়াক পৃথকে পৃথকে লগ ধৰি মধ্যস্ততা কৰাৰ প্ৰয়াস কৰে। ইফালে সংঘৰ্ষ আৰু শান্তিৰ স্বাৰ্থত দয়োপক্ষৰ মাজত মধ্যস্ততা কৰিবলৈ ইচ্ছা কৰিছে সংযুক্ত নাগা পৰিষদ, নাগা মহিলা সংঘ আৰু অল নাগা এছচিয়েচনে।

বিগত তিনিদিন ধৰি যুদ্ধ আতংকই আৱৰি ৰখা অঞ্চলটোলৈ শান্তি ওভতা সন্দৰ্ভত টাংখুল ৱমেন লীগে শান্তি বিচৰা বুলি মন্তব্য কৰিছে। শান্তি প্ৰক্ৰিয়া বিচৰা বুলি উল্লেখ কৰি লীগে ১৯৯৭ চনৰ যুদ্ধ বিৰতিৰ পূৰ্বে নগাসকলে বহু হেৰুৱাইছে বুলি কয়। সেনা আৰু এন এছ চি এনে শীঘ্ৰে সংযম ৰক্ষা কৰি তথা সংঘৰ্ষ এৰাই চলি কেৱল নাগৰিকৰ সুৰক্ষা স্বাৰ্থত শান্তি আৰু সদ্ভাৱ বৰ্তাই ৰখাৰ বাবেও লীগে আহ্বান জনাইছে। উল্লেখ্য যে, চিহাই গাঁৱৰ এই যুদ্ধ সদৃশ পৰিবেশৰ সন্দৰ্ভত আছাম ৰাইফলছে এতিয়ালৈকে একো তথ্য সদৰী কৰা নাই।

The post যিকোনো মূহুৰ্তত সেনা-এনএছচিএনৰ ভয়ানক সংঘৰ্ষৰ আশংকাঃ হেলিকপ্টাৰেৰে বিদ্ৰোহীক নিৰীক্ষণ সেনাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ZHZZ7X
via IFTTT

Comments