ইভিএম আমিনগাঁৱৰ গুদামলৈ স্থানান্তৰক লৈ উত্তেজনা

টেম্পাৰিঙৰ অভিযোগ কংগ্ৰেছৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীযগণ বাৰ্তা, চাংসাৰি, ২৯ এপ্ৰিল ঃ কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁওস্থিত কামৰূপ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় চৌহদত থকা ষ্টং ৰূমত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ষ্টং ৰূমত তিনিখন বলেৰ’ পিকআপ ভান আৰু তিনিখন তিৰ্পাল মেৰিওৱা ট্ৰাকত ই ভি এম মেচিন অনাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। এই পৰিস্থিতিৰ পিছতে ই ভি এম আনি সলনি কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীয়ে। কংগ্ৰেছ য়ং ব্ৰিগেড সেৱা দলৰ সম্পাদক জিতু আহমেদ আৰু সদস্য মুফতাৰ আলীৰ ভাষ্য অনুসৰি আমিনগাঁও ষ্ট্ৰং ৰূ¸মত পহৰাৰ দায়িত্বত থকা দুই কংগ্ৰেছ কৰ্মীয়ে নিশা ৯.৩০ বজাত বাহিৰত হঠাৎ তিনিখন বলেৰ’ পিকআপ ভানৰ উপস্থিতি লক্ষ্য কৰে। ইয়াৰ কিছু সময় পিছতেই তিৰ্পাল মেৰিয়াই অনা তিনিখন ট্ৰাকো উপস্থিত হয় সেই স্থানত। বাহনসমূহৰ পৰা ই ভি এম মেচিন নমাবলৈ লওঁতেই কংগ্ৰেছ কৰ্মীয়ে বাধা প্ৰদান কৰোতে প্ৰিয়ঙ্কা বণিয়া নামৰ এগৰাকী দণ্ডাধীশে এই ই ভি এমসমূহ অব্যৱহৃত আৰু এইসমূহ মজুত কৰা হ’ব বুলি কয়। ইফালে এই ঘটনাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা নিৰ্বাচন আয়োগক বিজেপিয়ে ই ভি এম টেম্পাৰিঙৰ অভিযোগ দাখিল কৰে। অভিযোগ অনুসৰি কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ হিমৎসিংকাৰ গুদামত ই ভি এমৰ খালী মেচিন বেআইনীভাৱে মজুত ৰখাৰ ব্যৱস্থা কৰে বিজেপিয়ে। ইফালে গণতন্ত্ৰক হত্যা কৰি কামৰূপ প্ৰশাসনক ব্যৱহাৰ কৰি বিজেপিয়ে ই ভি এম টেম্পাৰিং কৰাৰ অভিযোগ কৰে জালুকবাৰী কংগ্ৰেছীয়ে।

জালুকবাৰী সমষ্টিৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী বাপুকণ আলীয়ে কয় যে কামৰূপ উপায়ুক্তই পঞ্চায়ত নিৰ্বাচনতো নিৰ্বাচনী বিধি ভঙ্গ কৰি কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীক হৰুৱাই বিজেপিৰ প্ৰাৰ্থীক জয়ী কৰিছিল। কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্য গৃহসমষ্টিৰ শুৱালকুছিৰ বাসিন্দা হোৱাৰ পাছতো বদলি নকৰাৰ বাবে দলৰ হৈ কাম কৰিবলৈ সুবিধা পাইছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ সক্ৰিয় নেতাগৰাকীয়ে। উপাযুক্তগৰাকীৰ ভূমিকাই গণতন্ত্ৰৰ বাবে অশনি সংকেত বহন কৰিছে বুলিও বাপুকণ আলীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইফালে ই ভি এম টেম্পাৰিঙৰ অভিযোগ অস্বীকাৰ কৰিছে কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যই। তেজপুৰৰ পৰা অব্যৱহৃত ই ভি এমসমূহ আমিনগাঁৱৰ কেন্দ্ৰীয় ভঁৰালত মজুত কৰাৰ হৈছে । ষ্ট্ৰং ৰূমত কোনো ই ভি এম জমা কৰা নাই বুলি উল্লেখ কৰে উপায়ুক্ত বৈশ্যই। কিছু ঠাইৰ অভাৱৰ বাবে হিমৎসিংকাৰ গুদামত অব্যৱহৃত ই ভি এমসমূহ মজুত ৰখা হৈছিল আৰু ৰাজ্যৰ বাহিৰৰ ভোট গ্ৰহণ হ’বলগীয়া ৰাজ্যলৈ এইসমূহ প্ৰেৰণ কৰা হ’ব বুলি স্পষ্ট কৰে উপায়ুক্তগৰাকীয়ে। ইপিনে এই সন্দৰ্ভত তেজপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৱে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সমস্ত বিষয়টোৰ তদন্ত হ’ব লাগে।

নিশাৰ ভাগত ইভিএম স্থানান্তৰ কৰাৰ ৰহস্য কি· ইভিএম স্থানান্তৰ কৰিবলৈ হ’লে নিৰ্বাচন আয়োগৰ অনুমোদন লাগে, কিন্তু সেই অনুমোদন লৈছে নে নাই বুলি সন্দেহ কৰে ভানুৱে। এনে ঘটনা সংঘটিত হ’লে সকলোৰে বিশ্বাস নাইকিয়া হ’ব। আনহাতে তেজপুৰৰ ইভিএম আমিনগাঁৱলৈ স্থানান্তৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য আৰু দুৰ্গাদাস বড়োৱে শাসকীয় দলে ইভিএম টেম্পাৰিঙৰ অপচেষ্টা চলাইছে বুলি অভিযোগ কৰে। এই সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰা বুলিও উল্লেখ কৰে। কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই পঞ্চায়ত নিৰ্বাচনতো হস্তক্ষেপ কৰিছিল বুলি কংগ্ৰেছে এইগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। কংগ্ৰেছৰ মুখপাত্ৰজনে এইবুলিও উল্লেখ কৰে যে তেজপুৰৰ ইভিএম মেচিন আমিনগাঁৱলৈ স্থানান্তৰ কৰাৰ ৰহস্য কি।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post ইভিএম আমিনগাঁৱৰ গুদামলৈ স্থানান্তৰক লৈ উত্তেজনা appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2ZJEDXT
via IFTTT

Comments