চাপৰ হত্যাকাণ্ডৰ ‘চুপাৰী কিলাৰ’ক আটক, ৫০ হাজাৰ টকাৰ বিনিময়ত হত্যাকাণ্ড

ডিজিটেল সংবাদ, বঙাইগাওঁঃ চাপৰৰ বহলপুৰ হোমিঅ চিকিৎসক তথা বি জে পি নেতা ৰবেন ৰায় হত্যাকাণ্ডৰ নতুন মোৰ৷ হত্যাকাণ্ডত ব্যৱহৃত পিস্তলসহ গ্ৰেপ্তাৰ কৰা হৈছে এজনক ৷ আটকাধীন যুৱকজন চালাকাটি দলগাওৰ বিপুল বসুমতাৰী ৷

আৰ্নল পাটগিৰি আৰু বিপুল বসুমুতাৰীয়ে হত্যা কৰিছিল চিকিৎসক ৰায়ক ৷ চাপৰ আৰক্ষীয়ে পূৰ্বতে গ্ৰেপ্তাৰ কৰিছিল আৰ্নল পাটগিৰি আৰু তেওঁৰ পিতৃ বিশ্বজিত পাটগিৰিক ৷ চাপৰৰ এটা ভাড়াঘৰৰ পৰা মঙলবাৰে এটা পিস্তল, দুটা মেগজিন, চাৰি জাই সজীৱ গুলীসহ এখন খুকুৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ৫০ হাজাৰ টকা এই চুপাৰী লৈছিল বুলি ধৃত বিপুলে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে।

The post চাপৰ হত্যাকাণ্ডৰ ‘চুপাৰী কিলাৰ’ক আটক, ৫০ হাজাৰ টকাৰ বিনিময়ত হত্যাকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Ld5Jn4
via IFTTT

Comments