নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে’ দিৱসৰ আয়োজন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ উদ্যোগত অহা ১ মে’ত প্ৰতাপ নাৰায়ণ চৌধুৰী টাউন মজলীয়া বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ২৭তম বাৰ্ষিক অধিবেশন আৰু মে’ দিৱসৰ আয়োজন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৯বজাত সন্থাৰ পতাকা উত্তোলন, ১০বজাত বিষয় বাচনি সভা, ১১বজাত সাধাৰণ সভা অনুষ্ঠিত হব ।
উক্ত সভাত নিৰ্দিষ্ট বক্তা হিচাপে ধমধমা উন্নয়ন সমিতিৰ সম্পাদক দ্বীপেন শৰ্মা অাৰু নিমন্ত্ৰিত অতিতি হিচাপে বিজেপি কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সভাপতি ধনেশ্বৰ ডেকা উপস্থিত থাকিব । উক্ত মে’ দিৱসৰ কাৰ্যসূচীত সকলো শ্ৰমিককে উপস্থিত থাকিবলৈ আহ্বান জনাই নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ সভাপতি লাৱন্য কলিতাই।
আনহাতে পশ্চিম নলবাৰী অঞ্চলৰ নলিছাতো অহা পহিলা মে’ দিনাৰ আন্তৰ্জাতিক মে’ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। নলিছা এল পি স্কুলত আয়োজন কৰা উদযাপন উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব বিশিষ্ট সমাজকৰ্মী লক্ষী পাটোৱাৰী, ৯. ১৫ বজাত ছহিদ বেদীত মাল্যাৰ্পন কৰিব গড়কাপ্তানী বিভাগৰ কনিষ্ঠ অভিযন্তা অজিত বৰ্মণে। ইপিনে দুপৰীয়া ১ বজাত স্থানীয় সমাজকৰ্মী বিজয় তালুকদাৰৰ পৌৰোহিত্যত অনুষ্ঠিত হব লগা মুকলি সভাত শ্ৰমিক নেতা প্ৰফুল্ল বৰ্মণ, ‘চিটু’ৰ নেতা চান্দ মহম্মদ আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰিব বুলি উদ্যোক্তা দিলীপ ডেকাই জানিবলৈ দিয়ে।
The post নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়নৰ মে’ দিৱসৰ আয়োজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WeGaTB
via IFTTT
Comments
Post a Comment