পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি! হাতে হাতে লাঠি লৈ টিএমচি মহিলা সমৰ্থকৰ প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা পশ্চিমবংগৰ জেমুৱাত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসাৰ সৃষ্টি হয়। বিজেপিৰ দ্বাৰা টিএমচি সমৰ্থকক বাধা দিয়াৰ বাবে বীৰভূমি জিলাৰ নানুৰত টিএমচিৰ মহিলা সমৰ্থকসকলে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, আৰক্ষীয়ে বিজেপি আৰু টিএমচি সমৰ্থকৰ মাজৰ সংঘৰ্ষ আঁতৰাই মিমাংসা কৰাবলৈ চেষ্টা কৰে। হাতে হাতে লাঠি লৈ টিএমচিৰ মহিলা সমৰ্থকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ সয়মতে আৰক্ষীৰ লোকে উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টাও চলায়। চাওঁক ভিডিঅ’-

The post পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি! হাতে হাতে লাঠি লৈ টিএমচি মহিলা সমৰ্থকৰ প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PztsfM
via IFTTT

Comments