পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোক

নাম কৰ্তন যোৱা লোকে পুনৰ দেখুৱাব লাগিব নথি, ১৫ জুনত প্ৰকাশ পাব নাম কৰ্তনৰ অতিৰিক্ত তালিকা

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ এপ্ৰিল ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, চমুকৈ এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা কেইবা লাখ লোকৰ নাম পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰাটো নিশ্চিত। আনকি এনআৰচিৰ পৰা কৰ্তন যোৱা লোক পুনৰ নথি-পত্ৰ পুনৰীক্ষণৰ সন্মুখীন হ’ব লাগিব। ক্লজ-৪(৩) ধাৰাৰ অধীনত যিবোৰ আবেদনৰ নথি-পত্ৰত বিসংগতি ধৰা পৰে সেইসকল লোক পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰিব। নথি-পত্ৰ পুনৰীক্ষণৰ ক্ষেত্ৰত বিষয়া-কৰ্মচাৰীসকলক তৎপৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। বিশেষকৈ ক্লজ-৪(৩)ৰ অধীনত সন্দেহযুক্ত লোকৰ নথি-পত্ৰসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি ক্লজ-৫ৰ অধীনত অহা ১৫ জুনত এনআৰচিৰ পৰা কৰ্তন হোৱা লোকসকলৰ নাম সন্নিৱিষ্ট কৰি এখন অতিৰিক্ত খচৰা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে। প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা কে’বা লাখ লোকৰ নাম শেহতীয়াকৈ অতিৰিক্ত কৰ্তন খচৰাত অন্তৰ্ভুক্ত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

এনআৰচিৰ প্ৰথম আৰু দ্বিতীয় খচৰাৰ পৰা কৰ্তন হোৱা যিসকল লোকৰ নাম এই অতিৰিক্ত কৰ্তন খচৰাত অন্তৰ্ভুক্ত হয় সেইসকল লোকে পুনৰবাৰ, অৰ্থাৎ ১৫ জুনৰ পিছত দাবী আবেদন কৰিব লাগিব। কৰ্তন হোৱা লোকসকলৰ আবেদন দাখিলৰ অন্তিম তাৰিখ হ’ব ৩০ জুন। অৰ্থাৎ উক্ত পোন্ধৰ দিনৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় খচৰাত অন্তৰ্ভুক্ত হোৱা যিসকল লোকৰ নাম কৰ্তন হ’ব সেইসকল লোক পুনৰ আবেদন দাখিল কৰি নথি-পত্ৰ পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব। এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই নাম কৰ্তন হোৱা লোকৰ খচৰা প্ৰকাশৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু ডিআৰচিআৰলৈ প্ৰেৰণ কৰা এক পত্ৰই এতিয়া জোকাৰণিৰ সৃষ্টি কৰিছে। উক্ত পত্ৰখনত এইবুলিও উল্লেখ কৰা হৈছে যে যোৱা ১০ এপ্ৰিলত এক শুনানি কালত উচ্চতম ন্যায়ালয়ে কৰ্তন হোৱা লোকসকলৰ নাম অন্তৰ্ভুক্ত কৰি এখন খচৰা প্ৰকাশৰ অনুমতি প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এনআৰচিৰ কামত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীকে ক্লজ- ৪(৩)ৰ অধীনত আপত্তিৰ আবেদনৰ ভিত্তিত সন্দেহজনক লোকসকলৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰি যাৱতীয় কাম সম্পন্ন কৰাৰ নিৰ্দেশ দিছে। এনআৰচিৰ ৰাজ্যিক সমন্বয়কগৰাকীৰ এই পত্ৰই স্পষ্ট কৰি দিছে যে প্ৰথম আৰু দ্বিতীয় খচৰাত নাম অন্তৰ্ভুক্ত হ’লেও পূৰ্ণাংগ এনআৰচিত নাম অন্তৰ্ভুক্ত নহ’ব পাৰে। নথি-পত্ৰ যদি সঠিক ৰূপত দাঙি ধৰিব নোৱাৰে, তেন্তে পূৰ্ণাংগ এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত জটিলতাই দেখা দিব।

কেৱল এয়াই নহয়, যিসকল লোকৰ বিৰুদ্ধে আপত্তি দাখিল হৈছে, অৰ্থাৎ যিসকলৰ লোকৰ নাম ক্লজ-৫ৰ অধীনত কৰ্তন হোৱা লোকৰ তালিকাত অন্তৰ্ভুক্ত হয় সেইসকল লোক পুনৰবাৰ নথি-পত্ৰ পুনৰীক্ষণৰ সন্মুখীন হ’ব লাগিব। যাৱতীয় প্ৰক্ৰিয়া ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। অৰ্থাৎ ৩১ জুলাইত প্ৰকাশ পাব পূৰ্ণাংগ খচৰা। পূৰ্ণাংগ এনআৰচি নিৰ্ধাৰিত সময়ত প্ৰকাশ কৰাৰ বাবে সকলো বিষয়া-কৰ্মচাৰীক নথি-পত্ৰ পুনৰীক্ষণৰ ক্ষেত্ৰত তৎপৰ হোৱাৰ নিৰ্দেশ দিছে ৰাজ্যিক সমন্বয়কগৰাকীয়ে। যি কি নহওক, এটা কথা স্পষ্ট যে যিসকল লোকৰ নাম এনআৰচিৰ কৰ্তন খচৰা তালিকাত অন্তৰ্ভুক্ত হয় সেইসকল পুনৰবাৰ হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিশ্চিত। ১৫ দিনৰ ভিতৰত নথি-পত্ৰ পুনৰীক্ষণ কিদৰে সম্ভৱ হ’ব সেই লৈ এতিয়া অনিশ্চয়তাই দেখা দিছে। প্ৰতীক হাজেলাই যোৱা ২৬ এপ্ৰিলত এক পত্ৰৰ জৰিয়তে প্ৰতিগৰাকী উপায়ুক্তলৈপ্ৰেৰণ কৰি ক্লজ-৫ৰ অধীনত নাম কৰ্তন যোৱা লোকসকলৰ অতিৰিক্ত খচৰা প্ৰকাশ পাব বুলি উল্লেখ কৰা বিষয়টোক লৈ এতিয়া প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি প্ৰথম আৰু দ্বিতীয় খচৰাত নাম অন্তৰ্ভুক্ত হোৱাৰ পিছতো ক্লজ-৪(৩)ৰ অধীনত বিষয়া-কৰ্মচাৰীসকলক নথি-পত্ৰ পুনৰীক্ষণৰ বাবে যিধৰণৰ কতৃÇত্ব প্ৰদান কৰিছে তাক লৈ এতিয়া আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। একেদৰে যিসকল বিষয়া-কৰ্মচাৰী নিৰ্বাচনৰ কামত নিয়োজিত হৈ পৰিছিল সেইসকল বিষয়া-কৰ্মচাৰীক পুনৰবাৰ এনআৰচিৰ কামত জড়িত হৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত পূৰ্ণাংগ এনআৰচি প্ৰকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে হাজেলাই।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post পূৰ্ণাংগ এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোক appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2L9pYSn
via IFTTT

Comments