অসমীয়া যুৱ মঞ্চৰ অভিযোগ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী

মন্ত্ৰী ৰিহণ দৈমাৰীৰ আত্মীয় আৰু মুষ্টিমেয় ঠিকাদাৰে চলাইছে লুণ্ঠন, মুখ্যমন্ত্ৰীক তদন্তৰ দাবী


মহানগৰ প্ৰতিবেদক, ২৮ এপ্ৰিল ঃ
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালত এই বিভাগটোত সংঘটিত হোৱা কেলেংকাৰীতকৈও ভয়াৱহ কেলেংকাৰী বিজেপি চৰকাৰৰ শাসনকালত সংঘটিত হৈছে বুলি আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত অসমীয়া যুৱ মঞ্চৰ সচিব জিতুল ডেকাই বিভাগটোত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য উদঙাই মুখ্যমন্ত্ৰীক তদন্তৰ দাবী জনায়। তেওঁ কয়– পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত সংঘটিত কেলেংকাৰীতকৈও অধিক ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে বৰ্তমান বিজেপি চৰকাৰৰ শাসনকালত। মন্ত্ৰী ৰিহন দৈমাৰীৰ আত্মীয় সিন্হা আৰু ভৌমিক উপাধিৰ মুষ্টিমেয় কেইজনমান ঠিকাদাৰৰ নেতৃত্বত চলিছে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত বিয়াগোম দুৰ্নীতি। বিভাগটোত পাইপ ক্ৰয়, বিশুদ্ধ খোৱাপানী যোগান, স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত শৌচালয় নিৰ্মাণ, চূণ-ফিৎকিৰি যোগান, স্বচ্ছ ভাৰত অভিযানৰ প্ৰচাৰৰ নামত বাটৰ নাট, হৰ্ডিং লগোৱা, খোৱাপানীৰ পলিথিনৰ পেকেট যোগানৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি। প্ৰায়বোৰ পানী যোগান আঁচনি বিকল হৈ থকা এই বিভাগটোত আঁচনি ৰূপায়ণৰ বাবে পাইপ ক্ৰয়ৰ নামতো লুণ্ঠন চলিছে বুলি সংবাদ মেলত অভিযোগ কৰে অসমীয়া যুৱ মঞ্চৰ সচিবপ্ৰধানগৰাকীয়ে।

বঙাইগাঁও, বৰপেটা, হোজাই আৰু বিটিএডিৰ অন্তৰ্গত সংমণ্ডলসমূহত পাইপসমূহ অৱহেলিত হৈ পৰি আছে। লগতে সংবাদমেলত তেওঁ এইবুলিও অভিযোগ কৰি কয় যে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ব্যৱহাৰ কৰা পাইপ অতি নিম্নমানৰ, বিশুদ্ধ খোৱাপানাৰ বাবে ব্যৱহাৰ কৰিবলগীয়া পাইপৰ কেইবাটাও গুণাগুণ থাকিব লাগে। পূৰ্বতে এনে পাইপৰ ওপৰত ড্ৰিংকিং ৱাটাৰ পাইপ বুলি লিখা থাকে। কিন্তু এতিয়া কেৱল বিভাগটোত ঠিকাদাৰৰ লুণ্ঠনৰ স্বাৰ্থত খোৱাপানী যোগানৰ বাবে ক্ৰয় কৰিছে ছেনিটেৰী পাইপ। যি পাইপৰ মাজেৰে বৈ যোৱা বিশুদ্ধ পানীও বিষাক্ত হয় বুলি উল্লেখ কৰে অসমীয়া যুৱ মঞ্চৰ সচিবপ্ৰধানগৰাকীয়ে। লগতে সংবাদমেলত এইবুলিও কয় যে জনস্বাস্থ্য-কাৰিকৰী বিভাগে বিশুদ্ধ পানী যোগানৰ বাবে দৰাচলতে ব্যৱহাৰ কৰি আহিছে শৌচাগাৰত ব্যৱহাৰ কৰা পাইপ। লগতে এইবুলিও কয় যে আঁচনিসমূহত ব্যৱহাৰ কৰা চকেট, জইণ্ট, টি আদিৰ বজাৰমূল্য তেনেই নগণ্য। বজাৰত ৩০-৪০ টকাত পোৱা এই সামগ্ৰীসমূহ মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য-কাৰিকৰী বিভাগে ক্ৰয় কৰিছে ৪০০-৫০০ টকাত।

বিভাগটোত উঠিৰজা-বহিৰজা ‘বি আৰ এণ্টাৰপ্ৰাইজ, গ্লোৰিয়া এণ্টাৰপ্ৰাইজ, এছ বি ইঞ্জিনিয়াৰিং, জনৈক সিন্হা, ভৌমিক কোন বুলি প্ৰশ্ন কৰে অসমীয়া যুৱ মঞ্চৰ সচিবপ্ৰধানগৰাকীয়ে। তেওঁ কয়– মুখ্যমন্ত্ৰীয়ে যদি সঁচাই দুৰ্নীতিমুক্ত অসম গঢ়িব বিচাৰিছে, তেন্তে জনস্বাস্থ্য-কাৰিকৰী বিভাগত আঁচনি ৰূপায়ণৰ নামত বঙাইগাঁও, গোৱালপাৰা, হোজাই সংমণ্ডলত বি আৰ এণ্টাৰপ্ৰাইজ, গ্লোৰিয়া এণ্টাৰপ্ৰাইজ, এছ বি ইঞ্জিনিয়াৰিং, জনৈক ভৌমিক আৰু সিন্হাই কাৰ কাম আৰু কি কি সামগ্ৰী যোগান ধৰিছে সেয়া তদন্ত কৰক। লগতে সংবাদমেলত এইবুলিও অভিযোগ কৰি কয় যে এই বিভাগটো চলাবলৈ এগৰাকী মন্ত্ৰী, অতিৰিক্ত মুখ্য সচিব, মুখ্য অভিযন্তা থকাৰ পিছতো কোন বিষয়াক ক’লৈ বদলি কৰিব সেয়া নিৰ্ধাৰণ কৰে জনৈক সিন্হাই।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post অসমীয়া যুৱ মঞ্চৰ অভিযোগ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2vsSLa8
via IFTTT

Comments