গোৱালপাৰাত খাদ্য সুৰক্ষাৰ চোৰাং চাউলৰ ভয়ংকৰ ছিণ্ডিকেট

গণ বাৰ্তা, গোৱালপাৰা  ঃ দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰা শূন্য সহনশীল নীতি গোৱালপাৰা জিলাত কাৰ্যতঃ প্ৰহসনত পৰিণত হৈছে। নামনি অসমৰ খাদ্য সুৰক্ষা আঁচনিৰ চোৰাং চাউলৰ সুৰক্ষিত ঘাটিত পৰিণত হৈছে গোৱালপাৰা। দিনে-নিশাই ট্ৰাকে ট্ৰাকে চোৰাং চাউল গোৱালপাৰাৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হয়। কোটি কোটি টকাৰ এই ক’লা কাৰবাৰ বিভাগীয় কৰ্তৃপক্ষই দেখিও নেদেখাৰ ভাও জুৰিছে। ফলত দুৰ্নীতি আৰু ছিণ্ডিকেটক একপ্ৰকাৰ বৈধতা প্ৰদান কৰা বুলি জিলাবাসী ৰাইজে অভিযোগ কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সুৰক্ষা নামৰ অভিলাষী আঁচনিখন নামনি অসমত একাংশ ক’লা বেপাৰীৰ খীৰতী গাইলৈ ৰূপান্তৰিত হৈছে। দৰিদ্ৰ জনতাৰ নামত আবণ্টিত হোৱা হেজাৰ হেজাৰ কুইণ্টল চাউল চোৰাং বজাৰত বিক্ৰী হৈছে। জিলা উপায়ুক্ত বৰ্ণালী ডেকাই কেইমাহমান পূৰ্বে চোৰাং চাউলৰ ক’লা কাৰবাৰৰ বিৰুদ্ধে নিজেই অভিযানত নমাৰ ফলত কিছুদিন এই চোৰাং কাৰবাৰ বন্ধ হৈ পৰিছিল যদিও বৰ্তমান পুনৰ চোৰাং কাৰবাৰৰ ছিণ্ডিকেট চক্ৰসমূহ সক্ৰিয় হৈ পৰিছে। অভিযোগ মতে ভুৱা ৰেচন কাৰ্ডৰ চাউল আৰু মাজে-সময়ে মাহৰ কোটাৰ সমগ্ৰ চাউল ক’লা বেপাৰীক বিক্ৰী কৰা হয়। তদুপৰি একাংশ অঞ্চলৰ ৰাইজে খাদ্য সুৰক্ষাৰ ‘পৰিমল’ চাউলৰ ভাত পচন্দ নকৰাৰ ফলতো এজেণ্ট-সুলভ মূল্যৰ দোকানীৰ ওচৰত বিক্ৰী কৰি দিয়ে। পাছত এই চাউলো ক’লা বেপাৰীৰ ওচৰলৈ আহে।

নামনি অসমৰ একাংশ সমবায় সমিতিয়েও ক’লা বেপাৰীৰ ওচৰত পোনে পোনে খাদ্য সুৰক্ষাৰ চাউল বিক্ৰী কৰাৰ অভিযোগ আছে। এক বিশ্বস্ত সূত্ৰই সদৰী কৰা মতে শেহতীয়াকৈ জিলাখনত গোৱালপাৰা চহৰকে ধৰি দলগোমা, মৰনৈ, ডকাইদল, ডুবাপাৰা, শিমলীতোলা আদি স্থানত কমপক্ষেও ১০টাকৈ চোৰাং চাউলৰ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ পৰিছে। নিশাৰ অন্ধকাৰত এই ছিণ্ডিকেট চক্ৰসমূহে চৰাঞ্চলৰ বিভিন্ন ডীলাৰৰ পৰা ক্ৰয় কৰা পৰিমল চাউলৰ সৰবৰাহ আৰম্ভ কৰে। নদীপথেৰে ভুটভুটী নাওযোগে শ শ বস্তা চোৰাং চাউল কঢ়িয়াই আনি ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বিভিন্ন স্থানত স্থাপন কৰা গোপন গুদামত মজুত কৰে। সূত্ৰটোৰ মতে জিলাখনৰ কাৰবালা, ২নং বলদমাৰী চৰ, শিমলীতোলা, বুদুচৰ-হাটখোলা, ডুবাপাৰা, সোণাপুৰ, ভাটিপাৰা কেম্পবাজাৰ, ডেকধোৱা, ডকাইদল আদি স্থানত চোৰাং চাউলৰ অবৈধ গুদাম স্থাপন কৰা হৈছে। সূত্ৰটোৱে আন এক চাঞ্চল্যকৰ তথ্য সদৰী কৰি কয় যে তিনিদিনমান পূৰ্বে ডুবাপাৰাত ১৮জনীয়া এটি শক্তিশালী ছিণ্ডিকেট চক্ৰই আত্মপ্ৰকাশ কৰি অঞ্চলটোৰ বিভিন্ন স্থানত গুদাম স্থাপন কৰিছে। এই শক্তিশালী চক্ৰটোৱে বৰপেটা জিলাৰ ডীলাৰৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং চাউল ক্ৰয় কৰি ডুবাপাৰাৰ গোপন ঘাটিত নমোৱাৰ যো-জা চলাইছে।

উল্লেখ্য যে এই গোপন ঘাটিসমূহতেই খাদ্য সুৰক্ষাৰ চাউলৰ মৰাপাটৰ বস্তাসমূহ সলনি কৰা হয়। মৰাপাটৰ বস্তাৰ সলনি প্লাষ্টিকৰ ২৫ কিলোগ্ৰাম আৰু ৫০ কিলোগ্ৰাম আকাৰৰ বস্তাত চাউলসমূহ তুলি লোৱা হয়। পাছত গোপন গুদামৰ পৰা চাউলৰ বস্তাসমূহ ট্ৰাকত বোজাই কৰি বিক্ৰীৰ বাবে বিভিন্ন স্থানলৈ ৰাওনা হয়। উল্লেখ্য যে ভুৱা আৰু ম্যাদ উকলি যোৱা চালান ব্যৱহাৰ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী মহানগৰীকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ শ্বিলং, তুৰা আদিলৈ চোৰাং চাউল বিক্ৰীৰ বাবে সৰবৰাহ কৰা হয়। তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে নিশাৰ অন্ধকাৰৰ সমান্তৰালকৈ দিনৰ পোহৰতো চোৰাং চাউল পৰিবাহী ট্ৰাকসমূহ চলাচল কৰে যদিও ৰহস্যজনকভাৱে বিভাগীয় কৰ্তৃপক্ষই সকলো দেখিও নেদেখাৰ ভাও জোৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি চোৰাং চাউল পৰিবহণৰ যাত্ৰাপথৰ একাংশ থানা, পৰীক্ষণ চকী আদিক ক’লা বেপাৰীয়ে ‘মেনেজ’ কৰি ৰাখে।

প্ৰতিটো চোৰাং চাউলৰ ট্ৰাক সৰবৰাহৰ বিনিময়ত তেওঁলোকক মাহেকত নিৰ্দিষ্ট অংকৰ কমিছন আদায় দিয়া হয় বুলিও একেখন অভিযোগত প্ৰকাশ। উল্লেখ্য যে ক’লা বেপাৰীৰ অবৈধ গুদামসমূহৰ সুৰক্ষাৰ দায়িত্বত একাংশ অপৰাধী প্ৰকৃতিৰ লোকক নিয়োগ কৰি ৰখা হয়। ফলত স্থানীয় ৰাইজে ইয়াৰ বিৰুদ্ধে মুকলিকৈ মাত মাতিবলৈ সাহস গোটাব নোৱাৰে। একাংশ লোকৰ অভিযোগ মতে এই ভয়ংকৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে যোগান বিভাগ তথা আৰক্ষীক অৱগত কৰোৱাৰ পিছতো কোনো ফল ধৰা নাই। ফলত যোগান বিভাগ তথা আৰক্ষীৰ একাংশ দুৰ্নীতিপৰায়ণ বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াতেই এই চোৰাং কাৰবাৰ চলি থকা বুলি ৰাইজে সন্দেহ ব্যক্ত কৰিছে। তদুপৰি আয়কৰ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীও জড়িত থকাৰ পূৰ্ণ সম্ভাৱনা থকা বুলিও ৰাইজে অভিযোগ কৰিছে। এনেদৰে একাংশ এজেণ্ট-সুলভ মূল্যৰ দোকানী, একাংশ সমবায় সমিতি, যোগান-আয়কৰ-আৰক্ষী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে চোৰাং চাউলৰ বেপাৰীয়ে মাহৰ পিছত মাহ ধৰি ভয়ংকৰ ক’লা ব্যৱসায় চলাই আহিছে। এনে অৱস্থাত গোৱালপাৰাত চলি থকা নামনি অসমৰ খাদ্য সুৰক্ষাৰ চোৰাং চাউলৰ ভয়ংকৰ ছিণ্ডিকেট উৎখাত কৰাৰ বাবে জিলা উপায়ুক্ত বৰ্ণালী ডেকাক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ৰাইজে দাবী জনাইছে। তদুপৰি এই ছিণ্ডিকেট চক্ৰসমূহক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ জিলাবাসী ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে।

The post গোৱালপাৰাত খাদ্য সুৰক্ষাৰ চোৰাং চাউলৰ ভয়ংকৰ ছিণ্ডিকেট appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2VAVz3B
via IFTTT

Comments