৫ বছৰত নিৰ্বাচনী ব্যয় দুগুন! ৪ টা পৰ্যায়ৰ নিৰ্বাচনতে জব্দ ৩২৭৪ কোটি টকা

দেশৰ নিৰ্বাচন আয়োগ যিমানেই কঠোৰ নহওঁক, চলিত নিৰ্বাচনত যেন কোনো দলেই মনা নাই আচৰণ বিধি। নিৰ্বাচনী প্ৰচাৰ অভিযানত কোটি কোটি টকা, সুৰা, সোণ-ৰূপ বিলাই ভোটাৰক ক্ৰয় কৰাৰ প্ৰচেষ্টাও অব্যাহত আছে। পাৰ হৈ যোৱা ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে আয়োগৰ অভিযানত জব্দও হৈছে বৃহৎ অংকৰ ধন, সম্পদ। প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয় সৰ্বাধিক ৭০ লাখ বান্ধি দিছিল যদিও খোদ প্ৰধানমন্ত্ৰীৰ মনোনয়ন দাখিল পৰ্বতে কোটিৰো অধিক ধন ব্যয় কৰাৰ অভিযোগ উঠিছে। এনে প্ৰেক্ষাপটতে এই নিৰ্বাচন বিশ্বৰ ভিতৰতে ব্যয়বহুল নিৰ্বাচনত পৰিণত হ’ব বুলিও চৰ্চা চলিছে। এই সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।
চলিত লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল তৎপৰ হৈ থকাৰ সমান্তৰালভাৱে এক নিকা আৰু শংকামুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ ওপৰত কঠোৰ দৃষ্টি ৰাখিছে নিৰ্বাচন আয়োগে। মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই ভোটগ্ৰহণৰ ইতিমধ্যে ৪টা পৰ্যায়ৰ ভোটগ্ৰহণ দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে অন্ত পৰিছে।
কিন্তু এই সময়ছোৱাত পূৰ্বৰ নিৰ্বাচনৰ তুলনাত বৃহৎ সংখ্যক ধন আৰু সুৰা নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাড অথৱা আৰক্ষীয়ে জব্দও কৰিব লগা হৈছে। আনকি সোমবাৰে অনুষ্ঠিত হৈ যোৱা চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত নিৰ্বাচন আয়োগে সদৰি কৰা তথ্য অনুসৰি কেৱল চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তে দেশৰ বিভিন্ন প্ৰান্তত জব্দ কৰা হৈছে ৭৮৫.২৬ কোটি টকা নগদ ধন আৰু ২৪৯.০৩৮ কোটি টকা মূল্যৰ সুৰা। এই ধন আৰু সুৰা নিৰ্বাচনী লাভৰ স্বাৰ্থত বিভিন্ন দলৰ প্ৰাৰ্থী বা সমৰ্থকে ব্যৱহাৰ কৰাৰ সন্দেহ কৰিয়েই জব্দ কৰা হৈছে।
নিৰ্বাচন আয়োগৰ কঠোৰ পৰ্যবেক্ষণৰ মাজতো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহে যিকোনো প্ৰকাৰে নিৰ্বাচনী দেওনা অতিক্ৰম কৰাৰ চেষ্টা চলাই এনেদৰে অবৈধ ধন, সুৰাৰ লেনদেন অব্যাহত ৰাখিছে সোমবাৰৰ এই বৃহৎ পৰিমাণৰ ধন আৰু সুৰা জব্দৰ ঘটনাই সেই কথাকে প্ৰমাণ কৰিছে। গণতন্ত্ৰিক প্ৰমূল্যক ভেঙুচালি কৰি ৰাজনৈতিক দল তথা প্ৰাৰ্থীসমূহে ভোটাৰক প্ৰলোভিত কৰিবলৈ নগদ ধনৰ লগতে বিভিন্ন ধৰণৰ সামগ্ৰী ভেটি দিয়াৰ মানসিকতা কমাৰ পৰিৱৰ্তে দিনে দিনে যেন বৃদ্ধিহে পাইছে।
এই কথা স্পষ্ট হৈ পৰে ২০১৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ সময়ত জব্দ কৰা ধন সম্পদৰ বিপৰীতে ২০১৯ৰ চলিত লোকসভা নিৰ্বাচনত প্ৰায় তিনিগুন পৰিমাণৰ ধন ইতিমধ্যেই জব্দ কৰা ঘটনাৰ জৰিয়তে। অথচ ২০১৯ৰ লোকসভা নিৰ্বাচন সম্পূৰ্ণৰূপে প্ৰলোভনমুক্ত নিকা আৰু স্বচ্ছ হ’ব বুলি নিৰ্বাচন আয়োগে দাবী কৰিছিল। আয়োগে এই দাবী কৰিলেও ৰাজনৈতিক দল সমূহে যে প্ৰলোভনৰ ৰাজনীতিৰ সংস্কৃতি পৰিহাৰ কৰা নাই সেই কথা ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগা নিৰ্বাচনৰ ৪টা পৰ্যায়তে আয়োগে জব্দ কৰা বৃহৎ পৰিমাণৰ ধন সম্পদৰ জৰিয়তে প্ৰমাণিত হৈছে।
প্ৰণিধানযোগ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ১২০০ কোটি টকা জব্দ কৰিছিল। কিন্তু ২০১৯ৰ নিৰ্বাচনত ২৯ এপ্ৰিল পৰ্যন্ত আয়োগে সদৰি কৰা তথ্য অনুসৰি জব্দ কৰা ধনৰ পৰিমাণ হৈছে ৩২৭৪ কোটি টকা। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, তামিলনাডু আৰু গুজৰাটতেই অধিক পৰিমাণৰ নগদ ধন, সুৰা আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। তামিলনাডুত জব্দকৃত নগদ ধন, সুৰা আৰু নিচাজাতীয় সামগ্ৰীৰ মূল্য ৯৩৬.৩৯ কোটি টকা হোৱাৰ বিপৰীতে গুজৰাটত এই পৰিমাণ হৈছে ৫৪৫.৪৯ কোটি টকা। অসমত জব্দ হৈছে ১৬.৬৭ কোটি টকা মূল্যৰ নগদ ধন, সোণ-ৰূপ আৰু নিচাজাতীয় সামগ্ৰী। দেশৰ বাকী ৰাজ্যত ১৯ মে’ পৰ্যন্ত চলিব লগা ৩টা পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হোৱালৈ জব্দকৃত ধনৰ পৰিমাণ যে ২০১৪ চনত জব্দ হোৱাতকৈ ৫ গুণ পৰিমাণৰ হ’ব সেই আশংকাও ইতিমধ্যে স্পষ্ট হৈ পৰিছে। যি ঘটনাই সংসদীয় নিৰ্বাচনী ব্যৱস্থাটোৰ প্ৰতিয়েই ভৱিষ্যতে ৰাইজৰ আস্থা হেৰাবলগীয়া হোৱা পৰিস্থিতিৰ আশংকাও সৃষ্টি কৰিছে।
ইয়াৰ আন এক কাৰণ হ’ল নিৰ্বাচনত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অপৰাধী প্ৰাৰ্থীৰ পয়োভৰ। দেশৰ বহুদলীয় নিৰ্বাচনী ব্যৱস্থাটো অপৰাধমুক্ত কৰাৰ বাবে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলি থাকিলেও এই ক্ষেত্ৰত ৰাজনৈতিক দল বা ক্ষমতা পিপাসু প্ৰাৰ্থীৰ পৰা বিশেষ কোনো সঁহাৰি আয়োগে লাভ কৰা নাই। চলিত নিৰ্বাচনৰ পূৰ্বেও প্ৰাৰ্থীৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে এনে বাধ্য বাধকতা জাৰি কৰিছিল যে, সকলো প্ৰাৰ্থীয়েই নিজৰ সা-সম্পত্তি, শিক্ষাগত অৰ্হতাকে ধৰি বিভিন্ন তথ্য দাখিল কৰাৰ লগতে তেওঁ কোনো অপৰাধজনিত গোচৰত অভিযুক্ত নেকি সেই সম্পৰ্কীয় সকলো তথ্য সদৰি কৰিব লাগিব।
মনোনয়ন দাখিলৰ সময়ত এই তথ্য আয়োগৰ ওচৰত দাখিল কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়ত নূন্যতম তিনিবাৰ তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিহীনতাক পতিয়ন নিয়াব পৰা ধৰণৰ তথ্য সম্বলিত বিজ্ঞাপন প্ৰাৰ্থী গৰাকীয়ে নিজেই সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব লাগিব।
কিন্তু লক্ষণীয় কথাটো হ’ল- পাৰ হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ ভিতৰতে ১৭ শতাংশৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ, অপহৰণৰ দৰে গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ পিছতো এনে অধিকাংশ প্ৰাৰ্থীয়ে কোনো বিজ্ঞাপন প্ৰচাৰ নকৰিলে যদিও নিৰ্বাচন আয়োগে ইয়াৰ বাবে তেওঁলোকক বৰ্তমানলৈকে জবাবদিহী কৰিব পৰা নাই।
একেদৰে দ্বিতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২৫১ জন প্ৰাৰ্থীৰ বিৰুদ্ধে, তৃতীয় পৰ্যায়ত ২১ শতাংশ আৰু চতুৰ্থ পৰ্যায়ত ২৩ শতাংশ প্ৰাৰ্থীৰ বিৰুদ্ধে ৰুজু হৈ আছিল একে ধৰণৰে গুৰুতৰ অপৰাধমূলক গোচৰ। তেওঁলোকৰো অধিকাংশই এই সম্পৰ্কীয় কোনো বিজ্ঞাপন নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰকাশ কৰা নাছিল। এয়া দেখ দেখকৈ নিৰ্বাচন আয়োগক অংগুষ্ঠ প্ৰদৰ্শনেৰে নিৰ্বাচনী ব্যবস্থাটোক কলংকিত কৰাৰ দুঃসাহস বুলি ক’ব পাৰি।
আনহাতে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতো তেওঁলোকৰ ওপৰত যদি নিৰ্বাচন আয়োগৰ বিধি উলংঘনৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেনেহ’লে এই ঘটনাই নিৰ্বাচন আয়োগৰ স্বচ্ছতা আৰু ক্ষমতা সন্দৰ্ভতো ভোটাৰ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি কৰিব। এয়া গণতন্ত্ৰ ভৱিষ্যতৰ বাবে অতিকৈ বিপজ্জনক ঘটনা হিচাপে ইতিমধ্যেই চিহ্নিত হৈছে।
কিয়নো ২০১৯ৰ লোকসভা নিৰ্বাচন বিশ্বৰ নিৰ্বাচনী ইতিহাসৰ ভিতৰতে আটাইতকৈ ব্যয়বহুল নিৰ্বাচন হিচাপে পৰিগণিত হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে খোদ নিৰ্বাচন আয়োগেই সদৰি কৰিছিল। স্মৰ্তব্য যে, ২০১৪ চনত নিৰ্বাচন আয়োগে ৩৮৭০ কোটি টকা ব্যয় কৰিছিল যদিও ২০১৯ত এই পৰিমাণ দুগুন হ’ব বুলি ইতিমধ্যেই অনুমান কৰা হৈছে। আনহাতে আয়োগে নিৰ্বাচনী আচৰণ বিধি জাৰি কৰি প্ৰাৰ্থী সকলৰ নিৰ্বাচনী ব্যয় সমষ্টি ভেদে ৫০-৭০ লাখ টকা ধাৰ্য্য কৰি দিছিল যদিও এই বাধ্য বাধকতা কোনো দল অথবা প্ৰাৰ্থীয়েই যে মানি চলা সেই কথাও ইতিমধ্যে স্পষ্ট হৈছে।
উল্লেখ্য যে, ২৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰানসী লোকসভা সমষ্টিৰ বাবে দাখিল কৰিছিল মনোনয়ন পত্ৰ। প্ৰধানমন্ত্ৰী গৰাকীৰ মনোনয়ন দাখিল সময়ত সংগ দিছিল বিজেপি আৰু মিত্ৰদলৰ কেইবাগৰাকীও নেতাই। বাৰানসীত প্ৰধানমন্ত্ৰী মোডীয়ে মনোনয়ন দাখিলৰ পূৰ্বে উলিওৱা বিশাল ৰেলীত যোগ দিছিল কেইবা লক্ষ বিজেপি কৰ্মী-সমৰ্থকে। বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা মতে, কেৱল সেইদিনাৰ ৰেলীতে নিৰ্বাচনী আচৰণবিধি উলংঘন কৰি প্ৰায় ১.২৭ কোটি টকা ব্যয় কৰা হৈছিল। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে এই সন্দৰ্ভত ইতিমধ্যেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
আপৰ নেতা গৰাকীয়ে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰি কয় যে মোডীৰ ৰেলীত অংশ ল’বলৈ অহা এশৰো অধিক নেতাৰ ব্যক্তিগত হেলিকপ্টাৰৰ বাবদ খৰছ কৰা হৈছিল ৬৪ লাখ টকা। হোটেলৰ নামত ব্যয় কৰা হয় ৮ লাখ। ২০০ৰো অধিক বাহনৰ ইন্ধন আৰু ভাড়াৰ বাবদ ৬ লাখ টকাতকৈ অধিক ধন খৰছ কৰা বুলিও দাবী কৰে আপ নেতাগৰাকীয়ে।
কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীৰ ৰেলীত ব্যৱহাৰ কৰা ফুল আৰু অন্যান্য সামগ্ৰীৰ বাবেও বুজন পৰিমাণৰ ধন ব্যয় কৰা হোৱা বুলি দাবী কৰে সঞ্জয় সিঙে। তেওঁ দাবী কৰা অনুসৰি, নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া ৭০ লাখ ব্যয়ৰ নীতি উলংঘন কৰি দি প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব’ত ১.২৭ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ বাবেও আবেদন জনায় আপ নেতা তথা সাংসদ সঞ্জয় সিঙে।
ৰাজনীতিত টকাই সৰ্বস্ব বুলি বহুতেই ক’ব খোজে। নিৰ্বাচনী প্ৰচাৰৰ পৰা ভোটৰ কিনা-বেচালৈকে সকলোতে ব্যৱহাৰ হয় টকাৰ। যাৰ বাবে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ খৰছৰ উৰ্ধ্ব সীমা বান্ধি দিয়াৰ পিছতো প্ৰতিটো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়েই গোপনে ধনৰ লেনদেন কৰি ভোটাৰক প্ৰলুব্ধ কৰাৰ চেষ্টা সদায় অব্যাহত ৰাখিছে। এনে পৰিপ্ৰেক্ষিতত এক নিকা আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগো বাধাৰ সন্মুখীন হৈ আহিছে। এনে অৱস্থাৰ বিৰুদ্ধে যেতিয়ালৈকে ভোটাৰ ৰাইজে নিজে সচেতন হৈ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ ভোট ক্ৰয়ৰ মানসিকতা প্ৰতিৰোধ কৰাৰ বাবে ঐক্যবদ্ধ নহয়, তেতিয়ালৈকে বৃহৎ গণতান্ত্ৰিক দেশখনত ভোটাৰক পণ্য সামগ্ৰীৰূপে ব্যৱহাৰ কৰাৰ মানসিকতা ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ মাজত বৰ্তি থাকিব।
The post ৫ বছৰত নিৰ্বাচনী ব্যয় দুগুন! ৪ টা পৰ্যায়ৰ নিৰ্বাচনতে জব্দ ৩২৭৪ কোটি টকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PFIa4L
via IFTTT
Comments
Post a Comment