মাইবেলাত শ্ৰমিক দিৱসৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, মথুৰাপুৰঃ মথুৰাপুৰ সমীপৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত অহা ১ মে’ত দিনজোৰা কাৰ্যসূচীৰে আৰ্ন্তজাতিক শ্ৰমিক দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ আসম ষ্টেট পাৱাৰ ওৱৰকাৰ্চ ইউনিয়নৰ লাকুৱা শাখাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া দিৱসটি সাফল্য মণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে উদ্যোক্তাসকলে সকলো প্ৰকাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷

কাৰ্য্যসূচী অনুসৰি সেই দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতেই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি এক সমদল বাহিৰ কৰিব৷ বিয়লি অনুষ্ঠিত হ’বলগীয়া মকুলি সভাত ভালেকেইজন শ্ৰমিক নেতাই অংশ গ্ৰহণ কৰিব৷ উক্ত দিনা সকলো কাৰ্য্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই৷

The post মাইবেলাত শ্ৰমিক দিৱসৰ প্ৰস্তুতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GJCt1O
via IFTTT

Comments