সন্ত্ৰাবাদৰ বিৰুদ্ধে নৰম স্থিতি নলয় ভাৰতেঃ চীনত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ

ডিজিটেল ডেস্কঃ মঙলবাৰে ভাৰতৰ বৈদিশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে চীনৰ বুহানত চীন আৰু ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ভাৰতৰ বিদেশমন্ত্ৰীগৰাকীয়ে যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে উল্লেখ কৰি কয় যে এনে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সকলো দেশেই শূণ্য সহনশীল নীতি অৱলম্বন কৰিব লাগে।

বিদেশ মন্ত্ৰীগৰাকী সুষমা স্বৰাজে কয়, ‘পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আমি সকলোৱে জানো। এই আক্ৰমণ সংঘটিত কৰিছিল জইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে। এই সংগঠনটো পাকিস্তানৰ ভূমিৰ পৰা পৰিচালিত আৰু পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন। ইতিমধ্যে এই সংগঠনটোক সংযুক্ত ৰাষ্ট্ৰৰ লগতে অন্য দেশসমূহেও বে-আইনী বুলি ঘোষণা কৰিছে। পুলৱামাৰ আক্ৰমণত আমি ৪৪ জনকৈ চি আৰ পি এফ জোৱানক হেৰুৱালো। আনহাতে বহু জোৱান গুৰুতৰভাৱে আহত হ’ল।’

এই সংগঠনটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয়ভাৱে পাকিস্তানক সকিয়নী দিয়াৰ পিছতো পাকিস্তানে সন্ত্ৰাসবাদ দমন কৰাৰ পৰিৱৰ্তে এই সন্ত্ৰাসবাদী সংগঠনটো পাকিস্তানৰ ভূমিৰ পৰা পৰিচালিত নহয় বুলি কোৱাটো আৰু ভাৰতৰ তথ্য প্ৰদানৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ প্ৰতি থকা দুৰ্বলতা প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে সুষমা স্বৰাজে।

আনহাতে ত্ৰিপাক্ষিক বৈঠকখনত মঙলবাৰে বায়ু সেনাৰ আক্ৰমণ সন্দৰ্ভত মন্তব্য কৰি সুষমা স্বৰাজে কয় যে পাকিস্তানক বাৰাম্বাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হোৱাৰ পিছতে ভাৰতৰ তথ্য প্ৰমাণ অস্বীকাৰ কৰাত ভাৰতে নিজেই জইছ-ই-মহম্মদৰ ঘাটিত আক্ৰমণ চলায়। জইছ-ই-মহম্মদে ভাৰতৰ কেইবাস্থানতো কূটাঘাত সৃষ্টিৰ পৰিকল্পনা কৰিছিল বুলি বৈঠকত কয় সুষমা স্বৰাজে।

ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নৰম স্থিতি নলয় বুলি মন্তব্য কৰি ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সদায় সন্ত্ৰাসবাদ দমনৰ যি ধৰণে পদক্ষেপ ল’ব লাগে, তেনে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতেও গ্ৰহণ কৰিব। ইফালে মঙলবাৰে পুৱতি নিশা পাকিস্তানৰ বালাকোটত বায়ু সেনাৰ আক্ৰমণৰ সময়ত যাতে কোনো সাধাৰণ নাগৰিকৰ ক্ষতিসাধন নহয়, তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছিল।

The post সন্ত্ৰাবাদৰ বিৰুদ্ধে নৰম স্থিতি নলয় ভাৰতেঃ চীনত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TlMKth
via IFTTT

Comments