ভাৰতীয় সেনাৰ দাবীঃ পাকিস্তানে ধ্বংস কৰা নাই কোনো বিমান…

ডিজিটেল  ডেস্কঃ পাকিস্তানৰ বায়ুসেনাই ভাৰতৰ দুখনকৈ যুজাৰু বিমান ধ্বংস কৰা দাবী নস্যাৎ কৰিছে ভাৰতীয় বায়ু সেনাই। ভাৰতীয় বায়ু সেনাই সংবাদ মাধ্যমক জনায় যে, পাকিস্তানে দুুই বিমানৰ পাইলট আৰু এজনক গ্ৰেপ্তাৰ কৰা দাবী সম্পূৰ্ণ ৰূপে ভিত্তিহীন। লগতে ভাৰতীয় সেনাই জনায় – আমাৰ কোনো পাইলট নিৰুদ্দেশ হৈ থকা নাই। উল্লেখ্য যে, কাশ্মীৰৰ বদগামত বুধবাৰে পুৱা ভূপতিত হোৱা যুজাৰু বিমানখন ধ্বংস কৰাৰ দাবী কৰাৰ লগতে এজন পাইলটক গ্ৰেপ্তাৰ কৰাৰো দাবী কৰিছে পাকিস্তানে ।

The post ভাৰতীয় সেনাৰ দাবীঃ পাকিস্তানে ধ্বংস কৰা নাই কোনো বিমান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tGdkyL
via IFTTT

Comments