ভাৰতীয় বায়ু সেনাই হেৰুৱালে ২ সাহসী পাইলটক…

ডিজিটেল ডেস্কঃ পুৱাই জম্মু-কাশ্মীৰৰ বুদগামত ভূপতিত হোৱা ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানখন পাকিস্তানে আক্ৰমণ কৰি ভূপতিত কৰা বুলি দাবী কৰিছে পাক সংবাদমাধ্যমে। দুখনকৈ বায়ু সেনাৰ বিমান পাকিস্তানে ভূপতিত কৰাৰ দাবী কৰাৰ বিপৰীতে ভাৰতেও পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতত মাটিত বোমা নিক্ষেপ কৰিবলৈ অহা এফ-১৬ শ্ৰেণীৰ বিমানখন ভূপতিত কৰা বুলি দাবী তুলিছে।

ইফালে, পুৱাই বুদগামত ভূপতিত বিমানখনৰ সমীপৰ পৰা দুজনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই মৃতদেহ দুটা বিমানখনৰ পাইলট আৰু সহ পাইলটৰ বুলি অনুমান কৰা হৈছে।

বুদগামৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, ভূপতিত হৈ বিমান খন ধ্বংস হৈছে, কিন্তু কিহৰ কাৰণত বিমানখন এনেদৰে ভূপতিত হ’ল সেয়া ক’বলৈ তেওঁ বিশেষজ্ঞ নহয়।
بھارت کو سرپرائز مل گیا، پاکستان نے 2 بھارتی طیارے مار گرایا
بھارت کو سرپرائز مل گیا، پاکستان نے 2 بھارتی طیارے مار گرائے، 2 پائلٹ ہلاک، 1 پائلٹ گرفتار، 1پائلٹ چھپ گیا ہے، تلاش جاری#BreakingNews #ARYNews
ARY News ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಮಂಗಳವಾರ, ಫೆಬ್ರವರಿ 26, 2019
The post ভাৰতীয় বায়ু সেনাই হেৰুৱালে ২ সাহসী পাইলটক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GMDxUX
via IFTTT
Comments
Post a Comment