যদি যুদ্ধ হয়… ভাৰত-পাকিস্তানৰ কাৰ কিমান সামৰিক শক্তি?

ডিজিটেল ডেস্কঃ এতিয়া যুদ্ধসদৃশ পৰিৱেশ ভাৰত-পাকিস্তানৰ মাজত। যিকোনো মুহূৰ্ততে হ’ব পাৰে অঘটন। দিল্লী আৰু ইছলামাবাদ ব্যস্ত নিজৰ নিজৰ কুটনৈতিক কৌশল আৰু ৰণনীতি প্ৰস্তুত কৰাত। যদি এই সময়ত যুদ্ধ হয়, তেন্তে কাৰ কিমান শক্তি আছে, সেয়াও এতিয়া চৰ্চা চলিছে। ভাৰতৰ প্ৰতিৰক্ষা বাজেট ৫৫.৯ বিলিয়ন মাৰ্কিন ডলাৰ। ইয়াৰ বিপৰীতে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট ১০.৮ বিলিয়ন মাৰ্কিন ডলাৰ।

সৈনিক আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে ভাৰত। ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় ১৪ লাখ। কিন্তু পাকিস্তানৰ সৈনিকৰ সংখ্যা ৬.৪ লাখ। অৰ্থাৎ পাকিস্তানতকৈ ভাৰতৰ সৈনিকৰ সংখ্যা প্ৰায় দুগুনতকৈও অধিক। যুদ্ধৰ বাবে প্ৰয়োজনীয় টেংক। এখন যুদ্ধত এই টেংক সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ৪২২৬ টা টেংক থকাৰ বিপৰীতে পাকিস্তানৰ আছে ২১৮২ টা যুদ্ধ টেংক। যুদ্ধ বাহনতো আগবাঢ়ি আছে ভাৰত। পাকিস্তানৰ যুদ্ধ বাহনৰ সংখ্যা ২৬০৪ খন। ভাৰতৰ এই সংখ্যা ৩১৫২ খন।

আৰ্টিলাৰি ভাৰতৰ আছে ১৯০ টা। এই দিশত আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ আছে ৩০৭ টা আৰ্টিলাৰী। টৌড আৰ্টিলাৰীৰ দিশত অৱশ্যে পিছ পৰি আছে পাকিস্তান। পাকিস্তানৰ টৌড আৰ্টিলাৰীৰ সংখ্যা ১২৪০। ভাৰতৰ এই সংখ্যা ৪১৫২ টা। ভাৰতৰ হাতত থকা মুঠ ৰকেট প্ৰজেক্টৰ সংখ্যা ২৬৬। পাকিস্তানৰ এই সংখ্যা ১৪৪। ভাৰতৰ এয়াৰক্ৰাফ্টৰ মুঠ সংখ্যা ২১৮৪। কিন্তু পাকিস্তানৰ হাতত মুঠ এয়াৰক্ৰাফট আছে ১২৮১ খন।

Image result for fighter aircraft

ট্ৰেন্সপ’ৰ্ট এয়াৰক্ৰাফ্টৰ সংখ্যা ভাৰতৰ হৈছে ৭০৮। তাৰ বিপৰীতে মাত্ৰ ২৯৬ খনহে আছে পাকিস্তানৰ হাতত। ফাইটাৰ জেটছ ভাৰতৰ আছে ৫৯০ খন। কিন্তু পাকিস্তানৰ হাতত আছে ৩২০ খন। ভাৰতৰ ফাইটাৰ এয়াৰক্ৰাফ্টৰ সংখা ৮০৪ খন কিন্তু পাকিস্তানৰ এই সংখ্যা ৪১০ খন।

Image result for fighter tank

ভাৰতৰ নৌ সেনাৰ যুদ্ধ জাহাজৰ সংখ্যা ২৯৫ খন। আনহাতে পাকিস্তানৰ নৌ সেনা যুদ্ধ জাহাজৰ সংখ্যা হৈছে ১৯৭ খন। ভাৰতৰ নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ্ছৰ সংখ্যা হৈছে ১১ খন। ইয়াৰ বিপৰীতে পাকিস্তানৰ এখনো নাই ডেষ্ট্ৰয়াৰ্ছ। ভাৰতৰ ছাবমেৰিণৰ সংখ্যা ১৬ খন। পাকিস্তানৰ ৭ খন। এয়াৰক্ৰাফ্ট কেৰিয়াৰ ৩ খন আছে ভাৰতৰ। পাকিস্তানৰ এখনো এয়াৰক্ৰাফ্ট কেৰিয়াৰ নাই। ফ্ৰিগেটছ ভাৰতৰ হাতত আছে ১৪ খন। পাকিস্তানৰ হাতত আছে ১০ খন। পেট্ৰ’ল ক্ৰাফ্ট ভাৰতৰ সংখ্যা হৈছে ১৩৯ খন। কিন্তু মাত্ৰ ১১ খনহে পেট্ৰ’ল ক্ৰাফ্ট আছে পাকিস্তানৰ হাতত। ভাৰতৰ ওচৰত থকা মাইৱ ওৱাৰফেয়াৰ হৈছে ৪ খন। পাকিস্তানৰ হৈছে ৩ খন।

Image result for fighter submarine india

নিউক্লিয়াৰ ওৱাৰহেটছৰ ক্ষেত্ৰত ভাৰততকৈ আগবাঢ়ি আছে পাকিস্তান। পাকিস্তানৰ ওচৰত থকা নিউক্লিয়াৰ ওৱাৰহেটছৰ সংখ্যা হৈছে ১৩৯ খন। ভাৰতৰ হাতত আছে ১০৯ খন নিউক্লিয়াৰ ওৱাৰহেটছ। পৰমাণু বোমাৰ ক্ষেত্ৰত ভাৰতৰ হাতত আছে ১৩০ টা আৰু পাকিস্তানৰ হাতত আছে ১২০ টা। মিছাইলৰ ক্ষেত্ৰত বহুগুণেই আগবাঢ়ি আছে ভাৰত। ভাৰতৰ হাতত ২৬৬ টা মিছাইল থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে মাত্ৰ ১৪৪ টা।

Related image

পাৰমানবিক অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত অৱশ্যে আগবাঢ়ি আছে পাকিস্তান। ভাৰতৰ হাতত মুঠ যুদ্ধৰ হেলিকপ্টাৰ আছে ৭২৫ খন। পাকিস্তানৰ এই সংখ্যা ৩২৩ খন। অৱশ্যে পাকিস্তানৰ পিছত আছে চীন। যিকোনো প্ৰকাৰে ভাৰতৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিব পাৰে চীনে। বিশ্বৰ বৃহৎ সামৰিক শক্তিৰ ভিতৰত চীন অন্যতম। চীনৰ সেনাৰ সংখ্যা ২৩ লাখ। যুদ্ধৰ টেংক আছে ৬৪৫৭টা। চীনৰ যুদ্ধ জাহাজৰ সংখ্যা ৭১৪খন। ২৭০ টা নিউক্লিয়াৰ অস্ত্ৰ আছে চীনৰ হাতত।

Image result for indian arm force

সেয়েহে কেৱল ভাৰতৰ সামৰিক শক্তিৰ ওপৰত এই যুদ্ধ নিৰ্ভৰশীল নহ’ব। চীনৰ সাহসতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰে। আঁৰত থাকি চীনে পাকিস্তানক সহায় কৰি আহিছে। সেই দিশো ভাৰতে বিচাৰ কৰি চাব লগা হৈছে। ইফালে দুয়োখন দেশৰ আছে পাৰমানবিক অস্ত্ৰ। পাৰমানবিক অস্ত্ৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে পাকিস্তান।

The post যদি যুদ্ধ হয়… ভাৰত-পাকিস্তানৰ কাৰ কিমান সামৰিক শক্তি? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2T3xvGd
via IFTTT

Comments