১ মিনিটত ২৫ খবৰ

১. ‘আগৰ চৰকাৰে সন্ত্ৰাসবাদীক দিছিল বিৰিয়ানী, আৰু এতিয়াৰ চৰকাৰে উপহাৰ দিছে গুলী’ প্ৰিয়ংকা গান্ধীৰ মন্তব্যক এনেদৰেই প্ৰত্যুত্তৰ দিলে যোগী আদিত্য নাথে।

২. ‘সন্ত্ৰাসবাদ যৰ পৰা আৰম্ভ হয়, খেল তাতেই খেলিব লাগে’ বালীকোটৰ এয়াৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত দেওবাৰে এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৩. ১  এপ্ৰিলত তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে। ভিন্ন স্থানত জনসভা সম্বোধন কৰিব দুয়োগৰাকী নেতাই।

৪. ‘আমেথিত এইবাৰ গান্ধী পৰিয়ালক সম্পুৰ্ণৰূপে নিশেষ কৰী হ’ব’ এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে।

৫. ‘ কংগ্ৰেছে হিন্দু সকলক সমগ্ৰ বিশ্বক বদনাম কৰিছে, ইয়াৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজক’ এখন জনসভাত এই মন্তব্য কৰিলে অমিত শ্বাহে।

৬. ‘শতুঘ্ন সিনহা বিহাৰৰ ৰজা নহয়, বিজেপিক আমেৰিকাৰ ৰাষ্ট্ৰপতি টাম্পয়েও হৰুৱাব নোৱাৰে’ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল মোডীয়ে কৰিলে এই মন্বব্য।

৭. জম্মু-কাশ্মীৰত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত ৬।

৮. বুৰ্কিনাত জেহাদীৰ আক্ৰমণ । নিহত হয় ৩ জন সাধাৰণ লোক।

৯. দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিশাল কৃষ্ণা শ্বুটিঙৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। হস্পতালত ভৰ্তি।

साउथ के पॉपुलर एक्टर विशाल कृष्णा बाइक स्टंट करते वक्त हुए घायल

১০. মুক্তিৰ ১১ সপ্তাহৰ পাছতো ছবিঘৰত চলি আছে হিন্দী ছবি উৰি।  বক্স অফিচত ছবিখনে বৰ্তমানৰ লৈকে উপাৰ্জন কৰিছে ২৪৪.০৬ কোটি টকা।

১১.পি ছুধাকাৰা ৰেদ্দীয়ে যোগ দিলে বিজেপিত। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিত দলটোত যোগদান ৰেদ্দীৰ। দেওবাৰে কংগ্ৰেছ ত্যাগ কৰে ৰেদ্দীয়ে।

১২. জম্মু-কাশ্মীৰত এজন কনিষ্টবলৰ মৃত্যু। হিমস্খলনৰ ফলত প্ৰাণ হেৰুৱাই কনিষ্টবলজনে। কুপৱাৰা জিলাত দেওবাৰে সংঘটিত হয় এই ঘটনা।

১৩. ‘যিবোৰে দেশৰ ধন লুটিছিলে, সিহঁতে এক এক টকা ঘূৰাই দিব লাগিব।’- দেওবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৪.  ‘১০খন আসনত জয় হ’ব বিজেপি মিত্ৰজোঁটৰ।’– কোকৰাঝাৰৰ এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ।

১৫. দেওবাৰে জলসিঞ্চন বিভাগৰ কোটি টকীয়া দুৰ্নীতিৰ বিৰুদ্ধে পিআইএল দাখিল কৰা হয়। গুৱাহাটী হাইক’ৰ্টত বিজেপি কৰ্মীয়ে দাখিল কৰে এই পিআইএল।

১৬. মহানগৰীৰ কামাখ্যা গে’টত ভাৰাঘৰত এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীৰ নাম ঋতু সিং।

১৭. ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হয় দেওবাৰে। বহু ঠাইত পথত উভালি পৰে প্ৰকাণ্ড গছৰ লগতে বিদ্যুতৰ খুঁটা।

১৮. ‘কলিয়াবৰৰ ৰাইজৰ উন্নতিৰ বাবে ৰাজনীতিলৈ আহিছোঁ, মহিলাৰ উন্নয়নৰ বাবে ৰাজনীতিৰ পথাৰত নামিছোঁ।’ দেওবাৰে বটদ্ৰৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই কৰে এই মন্তব্য।

১৯. ‘মোদীৰ বিপক্ষে যুঁজিব পৰা কংগ্ৰেছৰ নেতা নাই, গৌৰৱ গগৈৰ ভালকৈ মাতেই নুফুটিল।’ দেওবাৰে ভাতৃ মণিমাধৱ মহন্তৰ নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।

২০. মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই দেওবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই কটাক্ষ কৰে গৌৰৱ গগৈক। তেওঁ.ৰ মতে, ‘গৌৰৱ গগৈ মাছৰ বিশেষজ্ঞহে, সাংসদ নহয়।’

২১. কামপুৰৰ ঘিলানী আদৰ্শ গাঁৱৰ বলীঘাটত এটা ৰাজহুৱা পুখুৰীক লৈ দুই ফৈদৰ সংঘাত। দহ জনকৈ লোক আহত হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য অব্যাহত।

২২. দেওবাৰে ৰঙিয়াৰ বালাবনগাঁৱত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত সৰবৰাহকাৰীটো বালাবনগাঁৱৰ আবুল আলী।

২৩. কংগ্ৰেছে দেওবাৰে প্ৰকাশ কৰে আৰু এখন লোকসভা প্ৰাৰ্থীৰ তালিকা। ১টা কেৰালা আৰু ১টা জম্মু-কাশ্মীৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা প্ৰকাশ এই তালিকা।

২৪. মই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছো। সোমবাৰে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হায়দৰাবাদৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিম।’- দেওবাৰে বিজেপিত যোগদান কৰাৰ পাছত এই মন্তব্য পি ছুধাকাৰ ৰেদ্দীৰ।

২৫. দেওবাৰে সন্ধিয়া গুৰুগ্ৰামত এক সভাত অংশ লয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে। মেট্ৰ ট্ৰেইনযোগে গুৰুগ্ৰামলৈ যায় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

The post ১ মিনিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OyTAa7
via IFTTT

Comments