পাঁচ বছৰ শুই থাকি এতিয়া সাৰ পাইছে মোদীয়ে | প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ
নিজে অহা নাই টকা দি মোদীৰ সভালৈ আনিছে মানুহ ঃ তৰুণ গগৈ | চাহৱালা মোদীয়ে চাহ শ্ৰমিকৰ পেটত গোৰ মাৰিছে ঃ ৰিপুন বৰা
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩১ মাৰ্চ ঃ
প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দুখনকৈ জনসভাত দিয়া ভাষণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে। কেৱল এয়াই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই অসমবাসীক আভুৱা-ভাঁৰি ক্ষমতা দখলৰ স্বপ® দেখিছে বুলি আক্ৰমণাত্মক হৈ পৰে। আজি মহানগৰীৰ ৰাজধানী মছজিদস্থিত হোটেল ৰীভেৰাত আয়োজিত এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই কয় যে মোদীয়ে কালি জনসভাত যি ভাষণ আগবঢ়ালে তাত কোনো নতুনত্বৰ সংযোজন নঘটিল। অসমৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহে স্থান লাভ নকৰিলে। বিদেশী সমস্যা, বান-গৰাখহনীয়াক লৈ মোদীয়ে এটা শব্দও উচ্চাৰণ নকৰিলে। যিগৰাকী মোদীয়ে ৬০ মাহ বিচাৰি ক্ষমতা দখল কৰিছিল, এতিয়া পুনৰবাৰ আৰু পাঁচ বছৰ বিচাৰি অসমবাসীক চৰম প্ৰতাৰণা কৰিবলৈ উঠিপৰি লাগিছে। বৰাই লগতে আৰু কয় যে বিগত নিৰ্বাচন, অৰ্থাৎ ২০১৪ চনৰ ১৬ মে’ৰ পিছত সকলো বিদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মোদীয়ে ঘোষণা কৰিছিল। কিন্তু বিগত পাঁচ বছৰত মোদীয়ে কিমান বিদেশীক খেদিলে সেয়া ৰাজহুৱা কৰিবলৈ আহবান জনায় বৰাই। তেওঁ লগতে আৰু কয় যে বিদেশী খেদা দূৰৈৰে কথা, বিজেপিয়ে এতিয়া বিদেশী আনিবহে বিচাৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱা নাই, পুনৰ ক্ষমতালৈ আহিলে বিজেপিয়ে বিধেয়কখন গৃহীত কৰিব বুলি ঘোষণা কৰিছে। এতিয়াও অসমৰ মানুহৰ ওপৰৰ পৰা বিপদ আঁতৰা নাই। সেয়ে অসমবাসী সজাগ হোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে।
মোদীয়ে ভাষণত উল্লেখ কৰিছে যে তেওঁৰ কামৰ খতিয়ান লৈ আহিছে। এইটোৱে নেকি কামৰ খতিয়ান বুলি প্ৰশ্ন কৰি বৰাই কয় যে বিগত নিৰ্বাচনত এশ দিনৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব বুলি ঘোষণা কৰিছিল। কিন্তু চৰকাৰ শেষ হ’ল। কিন্তু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ল নেকি বুলি প্ৰশ্ন কৰে। বিগত ৫টা বছৰে ছয় জনগোষ্ঠীৰ প্ৰসংগ লৈ বিজেপিয়ে একো নকৰিলে। ছয় জনগোষ্ঠীৰ বিধেয়কখন প্ৰথমতে লোকসভাত উত্থাপন কৰিব লাগিছিল। কিন্তু সেয়া নকৰি ৰাজ্যসভাৰ অধিৱেশনত অন্তিমদিনা কেৱল দেখুৱাবৰ বাবে উত্থাপন কৰি দায়িত্ব সামৰিলে। কংগ্ৰেছে ‘চায়ৱালা’ক দেখিব নোৱাৰে বুলি মোদীয়ে কৰা মন্তব্যক উভতি ধৰি কয় যে যদি মোদী চায়ৱালাৰ ল’ৰা, তেন্তে চাহ শ্ৰমিকৰ পেটত কিয় গোৰ মাৰিছে। গগৈৰ কেবিনেটত চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা ধাৰ্য কৰা হৈছিল। কিন্তু আজি সোণোৱাল চৰকাৰে তিনিটা বছৰ হোৱাৰ পিছতো চাহ শ্ৰমিকৰ মজুৰি এটকাও বৃদ্ধি নহ’ল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত চাহ বাগিচাৰ আন্তঃগাঁথনিৰ বাবে ৪০০ কোটি টকা ধাৰ্য কৰা হৈছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছতো এটকাও প্ৰদান নকৰিলে। তেওঁ লগতে আৰু কয় যে টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ এতিয়া মৃতপ্ৰায় অৱস্থা। এয়ে নেকি মোদীৰ কামৰ খতিয়ান বুলি প্ৰশ্ন কৰে বৰাই। চাহ শ্ৰমিকসকলক ৫০০ টকীয়া চীনা ম’বাইল প্ৰদান কৰিলেই ভাল পোৱা নুবুজায় বুলি কটাক্ষ কৰি আৰু কয় যে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ বেংক একাউণ্টত টকা দি কি সূচাব খুজিছে। বান-গৰাখহনীয়াৰ বাবে বিগত ৫টা বছৰত মোদীয়ে কি উল্লেখযোগ্য কাম কৰিলে বুলি প্ৰশ্ন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰি কয় যে নমামিৰ নামত কোটি কোটি টকা শৰাধ কৰিলে। হৰিদ্বাৰৰ পৰা পুৰোহিত আনি নমামি পাতিলে। কিন্তু গৰাখহনীয়া ৰোধ নহ’ল। যোৰহাট-মাজুলীৰ দলঙৰ আধাৰশিলা স্থাপন কৰিলে, কিন্তু ৰহস্যজনকভাৱে ডি পি আৰ প্ৰস্তুত নহ’ল। ধলা-শদিয়া দলঙৰ ৰং সানি ফিতা কাটিলে মোদীয়ে। বিগত পাঁচটা বছৰত অসমৰ বাবে মোদীয়ে কি নতুন প্ৰজেক্ট আনিলে সেয়া ৰাজহুৱা কৰিবলৈ প্ৰত্যাহবান জনায়। এডভানটেজ অসমৰ নামত কোটি কোটি টকা খৰচ কৰিলে। অসমত কিমান বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিলে সেয়া শ্বেতপত্ৰত প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰিলে। মোদীয়ে যি ভাষণ প্ৰদান কৰিলে সেয়া একমাত্ৰ ৰাজনৈতিক স্বাৰ্থজড়িত হৈ আছে। ইপিনে উক্ত সংবাদ মেলত উপস্থিত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখনকৈ ৰাজহুৱা সভাত মিথ্যাচাৰৰ আশ্ৰয় লৈ অসমবাসীক আকৌ আভুৱা-ভাঁৰিলে। ১৫ লাখ টকাকৈ দিম বুলি কৈছিল।
২ কোটি নিবনুৱাক সংস্থাপন দিম বুলি কৈছিল। কিন্তু কিমানক সংস্থাপন দিলে, কিমান মানুহৰ একাউণ্টত ১৫ লাখ টকা জমা কৰিলে সেয়া মোদীক ৰাজহুৱা কৰিবলৈ প্ৰত্যাহবান জনায়। সকলো সময়তে বিদেশীৰ কথা কয়। বিগত পাঁচটা বছৰত মোদী শুই আছিল। এই পাঁচটা বছৰত কিমান বিদেশী খেদিলে বুলি প্ৰশ্ন কৰে। মোদীয়ে কেতিয়াবা চকীদাৰ আৰু কেতিয়াবা চায়ৱালা হয়। পিছলৈ কি হয় ঠিক নাই বুলি কটাক্ষ কৰে। চকীদাৰৰ বিজেপি পাৰ্টী দেশৰ ভিতৰত আটাইতকৈ ধনী বুলি উল্লেখ কৰে গগৈয়ে। অসম চুক্তিক ভৰিৰে মোহাৰি বিদেশীক সংস্থাপন দিব বিচাৰিছে। কালি মোদীৰ জনসভাত কোনো লোক নিজে অহা নাই। টকা দি আনিছে বুলি গগৈয়ে অভিযোগ কৰে। আজমলৰ সৈতে বিজেপিৰ প্ৰসংগ সন্দৰ্ভত গগৈয়ে কয় যে এ আই ইউ ডি এফৰ সৈতে কোনো ধৰণৰ মিত্ৰতা সম্ভৱ নহয়। আজমলৰ লগত মিত্ৰতাৰ এক অপপ্ৰচাৰ চলিছে। প্ৰতিটো সমষ্টিতে কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰদান কৰিছে। হিমন্ত বদৰুদ্দিনৰ ছোটা ভাই আৰু মোদী বড়া ভাই বুলি উল্লেখ কৰি গগৈয়ে আৰু কয় যে দুয়োৰে মাজত মধুৰ সম্পৰ্ক আছে।

|
ReplyForward
|
The post পাঁচ বছৰ শুই থাকি এতিয়া সাৰ পাইছে মোদীয়ে | প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক কংগ্ৰেছ appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2YEeB7N
via IFTTT
Comments
Post a Comment