দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত নহয় জোঁটবন্ধন…

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক সাক্ষাৎ কৰি দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত বহু চৰ্চিত জোঁটবন্ধন সম্ভৱ নহয় বুলি ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। বিজেপিক বাধা দিবলৈ দিল্লীত দুয়োটা দলৰ মাজত মিত্ৰতা পোষকতা কৰিছিল অৰবিন্দ কেজৰিবালে। এই সন্দৰ্ভত কেজৰিৱালে সাক্ষাৎ কৰিছিল কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক। কিন্তু সাক্ষাৎকাৰত আপৰ প্ৰতি কোনো আগ্ৰহ ব্যক্ত নকৰিলে ৰাহুলে।
কেজৰিৱালে কয়- ‘এই সাক্ষাতৰ সময়ত ৰাহুল গান্ধীয়ে দুই দলৰ মিত্ৰতা অস্বীকাৰ কৰে।’ উল্লেখযোগ্য যে, আপ আৰু কংগ্ৰেছৰ মাজৰ এই মিত্ৰতাৰ বাবে শ্বৰ্ট পাৱাৰেও মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিম বুলি মন্তব্য কৰিছিল। দুদিনৰ পূৰ্বে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ জ্যেষ্ঠ নেত্ৰী শীলা দীক্ষিতে আপ আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা দলটোৰ সভাপতিৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল হ’ব বুলি ৰাজহুৱা কৰিছিল।
The post দিল্লীত কংগ্ৰেছ আৰু আপৰ মাজত নহয় জোঁটবন্ধন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2COJWLJ
via IFTTT
Comments
Post a Comment