পক্ষী সংৰক্ষণৰ প্ৰতি সজাগ গুজৰাটৰ এজন যুৱকৰ বিশেষ পদক্ষেপ…

ডিজিটেল ডেস্কঃ পৃথিৱীৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয় প্ৰাণীৰ ভিতৰত পক্ষী অন্যতম। কিন্তু বৰ্তমানৰ সময়ত ম’বাইল নেটৱৰ্ক টাৱাৰ বা হাই ফ্ৰিকুৱেঞ্চীৰ যন্ত্ৰবোৰ মানুহে স্থাপন কৰাৰ পাছত একাংশ প্ৰজাতিৰ পক্ষীৰ বিলুপ্ত পাবলৈ ধৰিছে। সেয়েহে পক্ষীক ভালপোৱা আৰু পক্ষী সংৰক্ষণৰ প্ৰতি সজাগ এজন যুৱকে প্ৰায় ৫০০ৰো অধিক চৰাইৰ মাত সংৰক্ষণ কৰিছে এটা ৰেকৰ্ডাৰত।

গুজৰাটৰ বীৰাল যোশী নামৰ এই যুৱকজনে ভাৰতৰ ৫০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ মাত সংৰক্ষণ কৰিছে এটা ৰেকৰ্ডাৰত। যুৱকজনে সংবাদমাধ্যমৰ আগত কয় যে- ‘মই উত্তৰাখণ্ড আৰু ৱেষ্টঘাটত ভাৰতৰ বহু প্ৰজাতিৰ চৰাইৰ মাত সংৰক্ষণ কৰিছো। মই দামী ৰেকৰ্ডিং যন্ত্ৰবোৰৰ পৰিৱৰ্তে নিয়মীয়া সজুলি ব্যৱহাৰ কৰি এটা ৰেকৰ্ডাৰ তৈয়াৰ কৰিছো আৰু চৰাইবোৰৰ মাতবোৰ ৰেকৰ্ড কৰিছো। ইয়াৰ পাছত হয়তো পক্ষী সংৰক্ষণৰ বাবে আমি অধিক সজাগ তথা সক্ষম হম।’

উল্লেখ্য যে, ভাৰতৰ প্ৰায় ১২০০ৰো অধিক প্ৰজাতিৰ পক্ষী পোৱা যায়। ইয়াৰে ৫২০ প্ৰজাতিৰ পক্ষীৰ মাত বৰ্তমানলৈ  সংৰক্ষণ কৰিছে বীৰাল যোশীয়ে। গুজৰাটৰ এই যুৱকজনে ইয়াৰ পূৰ্বে বোম্বাই নেচাৰেল হিষ্টৰী ছ’চাইটিৰ অন্তৰ্গত ভালচাৰ কনজাৰ্ভেশ্যন প্ৰ’গ্ৰাম আৰু ইণ্ডিয়ান ইনষ্টিটিউত অৱ ছায়েঞ্চ এজুকেশ্যন আৰু ৰিছাৰ্চৰ বাবে পক্ষীৰ ওপৰত গৱেষণা কৰিছিল।

The post পক্ষী সংৰক্ষণৰ প্ৰতি সজাগ গুজৰাটৰ এজন যুৱকৰ বিশেষ পদক্ষেপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YDXLWF
via IFTTT

Comments