সোণাৰিত চুৰি বাইকসহ এজনক আটক

ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিৰ নামতোলা আৰক্ষীয়ে সোমবাৰে পুৱা অভিযান চলাই এখন চুৰি বাইকসহ এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত চোৰটো বিৰাজ ফুকন ওৰফে জিতু বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে দেওবাৰে নিশা চোৰটোৱে শিমলুগুৰি অঞ্চলৰ পৰা  AS-04-V6854 নম্বৰৰ এখন বাইক চুৰি কৰি সোণাৰি হৈ নমতোলা দিশেৰে নগালেণ্ডৰ মন জিলাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ গোপন সূত্ৰে আৰক্ষীয়ে তথ্য লাভ কৰে। ইয়াৰ পাছতেই নামতোলা আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই চোৰটোক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে চোৰটোক জেৰা অব্যাহত ৰাখিছে।

The post সোণাৰিত চুৰি বাইকসহ এজনক আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OC3Myt
via IFTTT

Comments