তিৱা স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ…

ডিজিটেল সংবাদ, মৰিগাঁওঃ তিৱা স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ পৰিষদে এটা নামঘৰৰ নামত দিয়া পাঁচ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা নাম সম্বলিত ফলক ভাঙি পেলায় ৷ এই ঘটনা সংগতিত হৈছে মুখ্য কায্যবাহী সদস্য জনৰ নিজৰ দমাল সমষ্টিতে ৷

অভিযোগ অনুসৰি গাঁও খনৰ নামঘৰটোলৈ তিৱা স্বায়ত্ত পৰিষদৰ পৰা ৫ লাখ টকাৰ মাটি পূৰ (Earth Filling) বাবে আহিছিল ৷ ৰাইজ জড়িত হৈ থকা এই কামটোত মাত্ৰ ৭৫ হাজাৰ টকাহে খৰচ কৰি বাকী সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগত গাওঁখনৰ ৰাইজ জাঙুৰ খাই উঠে ৷ আনহাতে নামঘৰৰ পাঁচখন খেলৰ নামত আছিল কিন্তু তাৰ বিপৰীতে ৰহস্যজনক ভাৱে এজন ব্যক্তি নামতহে এই কামৰ ফলকখন লগাই দিয়াটো ৰাইজে ষড়যন্ত্ৰ হোৱাৰ আকংক্ষা প্ৰকাশ কৰে ৷ যাক লৈ তিৱা স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে এইদৰে ক্ষোভিত হৈ পৰে লোক সকল ৷
The post তিৱা স্বায়ত্ত পৰিষদৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TM4PwX
via IFTTT
Comments
Post a Comment