অমিত শ্বাহতকৈ ধনী তেওঁৰ গৃহিণী পত্নী…

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত নিজৰ শিক্ষাগত অৰ্হতা, সা-সম্পত্তিৰ সম্পূৰ্ণ তথ্য জমা দিব লাগে নিৰ্বাচনী কাৰ্যালয়ত। দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও গান্ধীনগৰত মনোনয়ন দাখিল কৰিছিল। মনোনয়ন দাখিলৰ সময়ত তেওঁ দুখন তালিকা পূৰণ কৰে য’ত তেওঁৰ বিষয়ে সমগ্ৰ তথ্য জাৰি কৰা হৈছিল। মনোনয়ন দাখিলৰ দুখন তালিকা তেওঁ পূৰণ কৰিছিল যাতে এখন কোনো কাৰণত বেয়া হ’লে আনখন তালিকাতে যাতে ব্যৱহাৰ কৰিব পৰা হয়।
এই তালিকাত তেওঁ নিজৰ সকলো তথ্যৰ লগতে জনাইছিল নিজৰ সা-সম্পত্তিৰ কথাও। ২০১৬-১৭ত ৰাজ্যসভাৰ সাংসদ হিচাপে নাম জাৰি কৰা সময়ত অমিত শ্বাহে নিজৰ বছৰেকীয়া আয় ৪৩,৬৮,৪৫০ টকা আৰু পত্নী সোনল শ্বাহৰ ১,০৫,৮৪,৫৪০ টকা দেখুৱাইছিল। তাৰপাছত ২০১৭-১৮ত অমিত শ্বাহৰ সেই আয় বৃদ্ধি পায় ৫৩,৯০,৯৭০ টকালৈ প্ৰতি বছৰত। ইফালে, তেওঁৰ পত্নীৰ বছৰেকীয়া আয় হয়গৈ ২,৩০,৮২,৩৬০টকা।
উল্লেখ্য যে, বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে শ্বেয়াৰ মাৰ্কেটতো ভালে সংখ্যক ধন জমা দিছে। তেওঁ শ্বেয়াৰ মাৰ্কেটত ১৭.৫৯কোটি টকা জমা দিয়ে, আৰু তেওঁৰ পত্নী সোনল শ্বাহে ৪.৩৬ কোটি টকা জমা দিয়ে। অমিত শ্বাহৰ মুঠ ৩৫ লাখ টকা মূল্যৰ আ-অলংকাৰ থকা বুলিও জানিব পৰা গৈছে। তেওঁৰ তাত ৭ কেৰেট হীৰা আৰু ২৫ কিলো গ্ৰাম ৰূপ আছে। ইয়াৰে ৩০ লাখ টকা মূল্যৰ আ-অলংকাৰ তেওঁ পিতৃ-মাতৃৰ পৰা লাভ কৰা। আনহাতে, তেওঁৰ পত্নীৰ মুঠ ৬৩ লাখ টকা মূল্যৰ আ-অলংকাৰ আছে। তেওঁৰ তাত ৬৩ কেৰেট হীৰাৰ আ-অলংকাৰ থকা বুলি জানিব পৰা গৈছে।
বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে শপতনামাত লিখিছে যে তেওঁৰ তাত ২০,৬৩৩টকা আৰু পত্নী সোনল শ্বাহৰ তাত ৭২,৫৭৮টকা নগদ ধন আছে। আনহাতে, তেওঁৰ বেংক একাউণ্টত জমা আছে ১৮,৮৯,৭১০টকা। উল্লেখ্য যে, অমিত শ্বাহে পিতৃ-মাতৃৰ পৰা লাভ কৰা মুঠ ১৪,৯৭,৯২,৫৬৩টকা আছে। আৰু তেওঁ নিজে গঢ়া সম্পত্তিৰ মূল্য ৩,২৬,৫৩,৬৬১টকা। তেওঁৰ পত্নীৰ মুঠ সম্পত্তিৰ মূল্য ৫,২৭,৩৮,৬৯২ টকা।
লগতে তেওঁ শপতনামাত উল্লেখ কৰিছে যে, তেওঁৰ উপাৰ্জনৰ পথ সমূহ- ৰাজ্যসভাৰ সাংসদ হিচাপে লাভ কৰা দৰমহা, ভাড়ালৈ দিয়া সম্পত্তি, খেতিৰ পৰা লাভ কৰা ধন আৰু শ্বেয়াৰ মাৰ্কেটত জমা দিয়া টকা। বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ পত্নী এগৰাকী গৃহিণী। তেওঁৰ উপাৰ্জনৰ পথসমূহ হ’ল- খেতি, শ্বেয়াৰ মাৰ্কেটত জমা দিয়া ধন আৰু ভাড়ালৈ দিয়া সম্পত্তিসমূহ।
লক্ষণীয় যে, বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ শপতনামা অনুসৰি যোৱা ৭ বছৰত তেওঁৰ সম্পত্তি প্ৰায় ৩ গুণ বৃদ্ধি পাইছে। শ্বাহ আৰু তেওঁৰ পত্নীৰ সম্পত্তিৰ মূল্য ২০১২ত ১১.৭৯কোটি টকা আছিল। আৰু বৰ্তমান সেই মূল্য বৃদ্ধি পায় ৩৮.৮১ কোটি টকা হৈছেগৈ। য’ত তেওঁ পিতৃ-মাতৃৰ পৰা লাভ কৰা সম্পত্তিও অন্তৰ্ভুক্ত হৈ আছে।
The post অমিত শ্বাহতকৈ ধনী তেওঁৰ গৃহিণী পত্নী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2FNN1O8
via IFTTT
Comments
Post a Comment