১ এপ্ৰিলৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, নপঢ়িলে আপোনাৰ হ’ব লোকচান…

ডিজিটেল ডেস্কঃ সমাপ্ত হৈছে ২০১৮-১৯ বিত্তীয় বৰ্ষ, আৰম্ভ ২০১৯-২০ বিত্তীয় বৰ্ষ। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশত সলনি হ’ব কেইবাটাও চৰকাৰী নীতি-নিয়ম। ইয়াৰ লগতে চৰকাৰী কিছু সেৱাৰ মূল্য হ্ৰাস-বৃদ্ধি পাব।
সলনি হ’বলগীয়া কিছু ১০ টা নিয়ম –
১. ১ এপ্ৰিলৰ পৰা সেইবিলাক পেনকাৰ্ডক বৈধ হিচাপে ধৰা হ’ব যিবলাক পেনকাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই। কিয়নো আধাৰ কাৰ্ডৰ সৈতে পেন কাৰ্ড সংযুক্ত কৰাৰ তাৰিখ ৩০ চেপ্তেম্বৰ ২০১৯ লৈ বৃদ্ধি কৰা হৈছে।
২. টি আৰ এ আইৰ এটা নতুন নিয়ম ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব। এই নিয়ম অনুসৰি ১ এপ্ৰিলতে যদি আপুনি টিভিৰ পচন্দৰ কিছু চেনেল বাছি ল’ব লাগিব। ইয়াৰ বিপৰীতে এই চেনেলসমূহ উপভোগ কৰিবলৈ ১৫৩ টকা মাহিলী খৰচ কৰিব লাগিব। এই ১৫৩ টকাত লাভ কৰিব মুঠ ১০০ টা চেনেল। ইয়াৰে ২৫ টা দুৰদৰ্শনৰ আৰু বাকী ৭৫ টা অন্য চেনেল।
৩. ১ এপ্ৰিলৰ পৰা ২০১৭-১৮ বৰ্ষৰ কোনো ফাইলৰ ৰিৰ্টান কাম-কাজ কৰিব নোৱাৰিব। এই ফাইলসমূহৰ শেষ তাৰিখ আছিল ৩১ মাৰ্চ।
৪. ব্যৱসায়ী সকলেও কোনো ফাইলৰ কাম-কাজ আজিৰে পৰা কৰিব নোৱাৰিব।ইয়াৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ।
৫. আজিৰে পৰা বৃদ্ধি হ’ব বাহনৰ মূল্য। ভিন্ন প্ৰতিষ্ঠানে ১ এপ্ৰিলৰ পৰা প্ৰতিখন বাহনত বৃদ্ধি কৰিব ৭৫ হাজাৰকৈ টকা।
৬. ঘৰ ক্ৰয় কৰিব খোজাসকলৰ বাবে সুখবৰ। ১ এপ্ৰিলৰ পৰা আণ্ডাৰ কষ্ট্ৰাকচন বিল্ডিঙৰ বাবে জি এছ টি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। আনহাতে নিৰ্মীয়মান বিভিন্ন গৃহৰ জি এছ টিৰ পৰিমাণো ১ শতাংশলৈ হ্ৰাস কৰা হৈছে।
৭. ১ এপ্ৰিলৰ পৰা হ্ৰাস পাব ই এমআই। পূৰ্বতে ঋণৰ হাৰ এম চি এল আৰৰ আধাৰত নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়াৰে পৰা ৰিজাৰ্ভ বেংকৰ ৰেপৌ ৰেটৰ আধাৰত নিৰ্ধাৰণ কৰা হ’ব।
৮. ১ এপ্ৰিলৰ পৰা ইনকম টেক্সৰ ক্ষেত্ৰতো নতুন নিয়ম প্ৰযোজ্য হ’ব। বিত্তীয় বৰ্ষ ২০১৯-২০ত ৫ লাখ টকালৈকে দিয়া হৈছে কৰ ৰেহাই।
৯. এই নতুন বিত্তীয় বৰ্ষত বেংকৰ জমা হৈ থকা ৫০ হাজাৰ টকালৈকে দিব নালাগে কোনো ধৰণৰ কৰ। ইয়াৰ পূৰ্বে এই টকাৰ পৰিমাণ আছিল ১০ হাজাৰ।
১০. এই বিত্তীয় বৰ্ষত আপোনাৰ চেকেণ্ড হাউছৰ বাবে দিব নালাগে কোনো কৰ। যদিহে আপোনাৰ সেই ঘৰ ভাড়াত দিয়া হোৱা নাই।
The post ১ এপ্ৰিলৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ, নপঢ়িলে আপোনাৰ হ’ব লোকচান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2uD6hY8
via IFTTT
Comments
Post a Comment