হিৰ’ৰ পৰা জিৰ’ হ’ল কনৰাড ছাংমা!

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈছিল এন পি পি মুৰব্বী তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা। এন ডি এৰ অংশীদাৰ হৈও বিধেয়কখনৰ বিৰুদ্ধে দিল্লীত তীব্ৰ বিৰোধিতা কৰি উত্তৰ-পূববাসীৰ মধ্যমণি হৈ পৰিছিল তেওঁ। কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰে অগপৰ সৈতে মিলি উত্তৰ-পূবৰ আন আঞ্চলিক ৰাজনৈতিক দলৰ সৈতে এক উমৈহতীয়া মঞ্চও গঢ় দিছিল এন পি পি নেতাগৰাকীয়ে।

ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন নোহোৱাৰ পাছত বিশেষভাৱে চৰ্চিত হৈছিল কনৰাড ছাংমা। তেওঁৰ সবল স্থিতিৰ বাবেই এই বিধেয়কখন গৃহীত কৰাত এক উমৈহতীয়া প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ লগতে অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে নতুন মাত্ৰা পাইছিল বুলি আলোচনা হৈছিল।

আনকি দিল্লীৰ পৰা কনৰাড ছাংমা ঘূৰি অহা সময়ত অসমৰ জাতীয় দল-সংগঠনে তেওঁক নায়ক সজাই বিমান বন্দৰতে তেওঁক ঢোলে-দগৰে আদৰিছিল। আনকি মাছখোৱা সাংস্কৃতিক প্ৰকল্পত তেওঁক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছিল সম্বৰ্ধনা সভা। কোনো কাৰণতেই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বলৈ নিদিয়াৰ হুংকাৰ দিয়া কনৰাড ছাংমা উত্তৰ-পূবৰ এক প্ৰতিবাদী সত্তা হৈ জিলিকি উঠিছিল।

সেই সূত্ৰেই এন পি পিৰ দলে অসমত ভুমুকি মৰাৰ লগতে অসমৰ কেবাজনো বিশিষ্ট ব্যক্তিক, প্ৰাক্তন ছাত্ৰ নেতাই যোগ দিছিল এই দলটোত। অসমৰ ১৪টা লোকসভা সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰোৱাৰ ঘোষণা কৰিছিল কনৰাড ছাংমাই। কিন্তু ২৫ ফেব্ৰুৱাৰীত এক দৃশ্যই এই নেতাজনৰ স্বৰূপ উদঙাই দিলে। সেই দিনা মহানগৰীৰ এখন পঞ্চতাৰকা হোটেলত কনৰাড ছাংমাই আহ্বান কৰিছিল এখন সংবাদমেলৰ।

সেই সূত্ৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাত ধৰা পৰিছিল এক দৃশ্য। অতি গোপনে কনৰাড ছাংমাৰ সৈতে হোটেলখনৰ এটা কোঠাত বৈঠকত মিলিত হৈছিল নেডাৰ দায়িত্বত থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবাদমাধ্যমৰ চকুত ধূলি দি হিমন্ত বিশ্ব শৰ্মাই হোটেল ত্যাগ কৰিব বিচাৰিছিল যদিও, সেই দৃশ্য বন্দী হৈছিল কেমেৰাত।

এই কথা সদৰি হোৱাৰ পাছতেই কনৰাড ছাংমাই লক্ষণীয়ভাৱে বাতিল কৰিছিল সংবাদমেল। জানিব পৰা মতে, সেই দিনা কেইবাটাও সংগঠনৰ নেতৃত্বই এন পি পিৰ সৈতে আলোচনাত মিলিত হ’বলৈ হোটেলখনলৈ গৈছিল। তাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কনৰাড ছাংমাৰ এই বৈঠকৰ কথা জানিব পাৰি আলোচনাত মিলিত নোহোৱাকৈয়ে সেই দল-সংগঠনৰ নেতৃত্ব ঘূৰি আহিছিল।

প্ৰশ্ন হয়- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা কনৰাড ছাংমাই ৰাইজক দেখুৱাই প্ৰতিবাদ কৰিলেও, এন ডি এৰ অংশীদাৰী দল হিচাপে বিজেপিৰ হৈয়ে কাম কৰি আছে নেকি? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলিত হোৱা এই বৈঠকৰ পাছত সেই ধাৰণা অতি দৃঢ় হৈ পৰিছে।

ইফালে, ১৪টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা কৈছিল যদিও, এতিয়ালৈকে ৭টা সমষ্টিতহে এন পি পিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। যোৰহাটত এন পি পি প্ৰাৰ্থী কমলা ৰাজকোঁৱৰ, কলিয়াবৰত আব্দুল আজিজক দিছে এন পি পিয়ে প্ৰাৰ্থিত্ব। শিলচৰ, বৰপেটা, ডিফুতো প্ৰদান কৰিছে এন পি পিয়ে প্ৰাৰ্থী।

যিসকল প্ৰাৰ্থীক দলটোৱে প্ৰাৰ্থিত্ব দিছে, সেই প্ৰাৰ্থীসকলে পৰোক্ষভাৱে যাতে বিজেপিক সহায় কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি ভোট বিভাজন কৰিব পৰা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰো অভিযোগ উঠিছে। উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলৰ ভোট যাতে বিৰোধীৰ হাতলৈ নাযায়, তাৰ বাবে অতি কৌশলেৰে হিমন্ত বিশ্ব শৰ্মাৰ ইছাৰাত দলটোৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলিও চৰ্চা হৈছে।

এনে পৰিস্থিতিত কনৰাড ছাংমাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদ এতিয়া নাটক প্ৰমাণিত হৈছে। মন কৰিব লগা যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰা কনৰাড ছাংমাক এই সময়ত তেওঁ এন ডি এৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব নেকি বুলি কেবাবাৰো সোধা হৈছিল। এই প্ৰশ্নৰ উত্তৰত তেনে সম্ভাৱনাৰ কথা কেতিয়াও কোৱা নাছিল ছাংমাই। বৰঞ্চ সেয়া ৰাজনৈতিক বিষয় বুলি এৰাই চলিছিল।

অগপৰ উদ্যোগত উত্তৰ-পূবৰ আঞ্চলিক শক্তিক লৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে এক উমৈহতীয়া মঞ্চ গঠন কৰাৰ চেষ্টা চলোৱা হৈছিল। কিন্তু এন পি পি মুৰব্বী কনৰাড ছাংমাই এন ডি এ নেৰো বুলি স্পষ্ট কৰি দিয়াত সেই প্ৰচেষ্টা আৰম্ভণিতেই ইতি পৰিছিল। সেয়েহে এতিয়া উত্তৰ-পূববাসীৰ মনত সন্দেহ তীব্ৰতৰ হৈছে যে, দেখুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও, বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল কনৰাড ছাংমাই। এই সকলোবোৰ কথা পোহৰলৈ অহাৰ পাছত কেইদিনমানৰ পূৰ্বে ৰাইজে নায়ক বুলি ভবা কনৰাড ছাংমা এতিয়া খলনায়ক ৰূপে ৰাইজৰ আগত ধৰা দিছে

The post হিৰ’ৰ পৰা জিৰ’ হ’ল কনৰাড ছাংমা! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JUofzM
via IFTTT

Comments