আন এক সফলতাঃ এতিয়াৰে পৰা সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতে মহাকাশৰ পৰাই ৰাখিব নজৰ, VIDEO

ডিজিটেল ডেস্কঃ মিছন শক্তিৰ পিছতে ভাৰতবৰ্ষৰ আন এক সফলতা। দেশৰ নিৰাপত্তা তথা সামৰিক ক্ষেত্ৰত আৰু এখোজ আগুৱালে ভাৰতে। সোমবাৰে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই মহাকালৈ প্ৰক্ষেপণ কৰিলে আন এক ইলেক্টনিক ইন্টেলিজেন্স উপগ্ৰহ ‘এমিচেট’। এই উপগ্ৰহৰ জৰিয়তে মহাকাশৰ পৰাই সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থলৰ সন্দৰ্ভত সংকেত লাভ কৰিব পৰা যাব।

অন্ধপ্ৰদেশৰ হৰিকোটাত সোমবাৰে ৬.২৭ বজাৰ পৰা আৰম্ভ হোৱা গণনাৰ শেষত ৯.২৭ বজাত মহাকাশলৈ প্ৰক্ষেপণ কৰা হয় এই এমিচেট উপগ্ৰহটো। মুঠ ৪৩৬ কি:গ্ৰা: ওজনৰত উপগ্ৰহটোৱে লগত কঢ়িয়াই নিছে ২৮ টাকৈ উপগ্ৰহ। প্ৰায় ১৭ মিনিটৰ যাত্ৰাত ৭৪৯ কি:মি: দুৰত্বৰ কক্ষপথত স্থাপন কৰা হ’ব এই এমিচেট উপগ্ৰহ।

এমিচেট উপগ্ৰহটো কক্ষপথত স্থাপন কৰাৰ পাছে বাকী ২৮ টা উপগ্ৰহ ইয়াতকৈও ৫০৪ কি:মি: উচ্চতাত স্থাপন কৰা হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে মুঠ সময় ল’ব ১৮০ মিনিট। এমিচেটে কঢ়িয়াই নিয়া ২৮ উপগ্ৰহৰ ওজন প্ৰায় ২২০ কি:গ্ৰা:। ২৮ টাৰ ভিতৰত ২৪ টা আমেৰিকাৰ, ২ লিথুনিয়াৰ আৰু স্পেইন,ছুইজাৰলেণ্ডৰ আছে ১-১ টাকৈ উপগ্ৰহ। ইছৰোৰ অধ্যক্ষই এই সন্দৰ্ভত কয়- ‘এয়া এক বিশেষ অভিযান। সামৰিক ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব এই উপগ্ৰহ।’

The post আন এক সফলতাঃ এতিয়াৰে পৰা সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতে মহাকাশৰ পৰাই ৰাখিব নজৰ, VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2YBM5nk
via IFTTT

Comments