নিবনুৱা দৰিদ্ৰ যুৱক-যুৱতীৰ জীৱনক লৈ হেতালি, ABM উদ্যোগিত প্ৰতিষ্ঠান সন্দৰ্ভত আৰ টি আইত ভয়ংকৰ তথ্য

ডিজিটেল সংবাদ,দুমুনিচকী:– নিবনুৱা দৰিদ্ৰ যুৱক-যুৱতীৰ জীৱনক লৈ হেতালি খেলা ABM AGRI INDUSTRY & RESEARCH PVT, LTD কৰ্তৃপক্ষক তুলা ধুনা কৃষক মুক্তি সংগ্ৰাম সমিতৰ। সংগঠনটোৰ তৰফৰ পৰা ABM উদ্যোগিক প্ৰতিষ্ঠান সন্দৰ্ভত আৰ টি আই যোগে বিচৰা হৈছিল তথ্য।
আৰ টি আই প্ৰতিবেদনত উন্মোচিত হ’ল কৰ্মচাৰীক দৰমহাৰ পৰা বঞ্চিত কৰি ABM কৰ্তৃপক্ষৰ ধন ঘটাৰ নিকৃষ্ট কাৰ্মৰাজি। ভাৰত চৰকাৰৰ উদ্যোগিক আৰু বাণিজ্যিক মন্ত্ৰাণালয়ৰ বৈদেশিক বাণিজ্যিক সঞ্চালকালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বুলি প্ৰচাৰ কৰা ABM উদ্যোগিক প্ৰতিষ্ঠানৰ বিষয়ে তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত।
অসমত উৎপাদিত সামগ্ৰী বহিঃৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ কথা কোৱা ABM AGRI INDUSTRY & RESEARCH PVT, LTDৰ পঞ্জীয়ন নম্বৰো ওলাল ভুৱা বুলি। স্বচ্ছ আৰু নিকা ভাবমুৰ্তিৰ কথা কোৱা ABM কৰ্তৃপক্ষ তথা চি এম ডি মেহদি আলমে আভুৱা ভৰা কথা কৈ কৰ্মচাৰীক দৰমহাৰ নামত এটা টকাও দিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে আবেদনৰ নথি পত্ৰ সংগ্ৰহৰ নামত আনৰ পৰিচয় সম্পৰ্কে সৱিশেষ সংগ্ৰহ কৰি আৰবীয় মুলৰ দেশৰ পৰা সংখ্যালঘুৰ নামৰ সাহায্যৰ ধন আত্মসাৎ কৰাৰ নিকৃষ্ট কৌশল বুলি কামৰূপ জিলা কৃষক মুক্তিৰ বিষয় ববীয়াই কটাক্ষ কৰে। সমিতিৰ বিষয় ববীয়াই কামৰূপ জিলা উপায়ুক্তৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিষয় সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে।
আৰু পঢ়ক: জনতা দল(চেকুলাৰ)য়ে সমৰ্থন কৰিব ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0TpsIbA
via IFTTT
Comments
Post a Comment