চিৰাঙৰ শান্তিপুৰত গৰাখহনীয়াৰ কবলত ইণ্ডো-ভূটান সংযোগী ডাণ্টক পথ

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ শান্তিপুৰত গৰাখহনীয়াৰ কবলত পৰিছে ইণ্ডো-ভূটান সংযোগী ডাণ্টক পথ । পুনৰ বানপানী হলে যিকোনো মুহূৰ্তত যোগাযোগ ব্যৱস্থা বিছিন্ন হোৱাৰ আশংকা কৰা হৈছে । বেংলত ৰাজহচক্ৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰৰ ভূৰ নৈৰ শ্লুইচগেটৰ পৰা ওলাই অহা জলসিঞ্চন বিভাগৰ থাইকাদৈছা নলাৰ গৰাখহনীয়াই গুৰুত্বপূৰ্ণ সম্প্ৰতি পথছোৱালৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ।

চিৰাঙৰ ছামঠাইবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভুটানৰ গেলেংফু সংযোগী এই আন্তৰ্জাতিক ডাণ্টক পথেদি প্ৰতিনিয়ত দুয়োখন দেশৰ শ শ যানবাহন যাতায়াত কৰে । দুই দেশৰ সংযোগকাৰী এই সদাব্যস্ত আন্তৰ্জাতিক পথছোৱা বিশেষকৈ আওজাৰ বজাৰৰ পৰা শান্তিপুৰ লৈকে কেইবাখনো ঠাইত থাইকাদৈছা নলাৰ গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰিছে । উক্ত গৰাখহনীয়াৰ পৰা পথছোৱাক ৰক্ষা কৰিবলৈ সংশ্লিষ্ট কতৃপক্ষই যি ধৰনে ব্যবস্থা গ্ৰহণ কৰিব লাগিছিল তেনে নকৰাত স্থানীয় লোকে অসন্তুষ্টি প্ৰকাশ কৰে ।

বৰ্তমান সময়ত গৰাখহনীয়াৰ পৰা পথছোৱাক ৰক্ষা কৰিবলৈ যিধৰনে কাম কৰিছে সেয়া কেতিয়াও পথছোৱাক ৰক্ষা কৰিব নোৱাৰিব বুলি অভিযোগ উত্থাপন কৰে তাৰ বিপৰীতে পথছোৱাক ৰক্ষা কৰিবলৈ বাঁহেৰে নহয় স্থায়ী ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী কৰে । উল্লেখ্য যে ইণ্ডো-ভূটান সংযোগী ঐতিহাসিক ডাণ্টক ৰোডক বৰ্তমান ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নত কৰা হৈছে ।

আৰু পঢ়ক: নগাঁৱৰ ব্ৰাহ্মনগাওঁত বিলুপ্তপ্ৰায় ঈগল চৰাই উদ্ধাৰ



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/0nSzWNV
via IFTTT

Comments